স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট:ফুটবল খেলপথাৰত অভিলেখ সৃষ্টি কৰাত অভ্যস্ত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে আন এক নতুন দিশত অভিলেখৰ পিছত অভিলেখ স্থাপন কৰাৰ দিশত আগবাঢ়িছে ৷ প্ৰবীণ ফুটবলাৰগৰাকীয়ে সামাজিক মাধ্যমত সৃষ্টি কৰিছে এই অভিলেখ ৷
জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে দুদিন পূৰ্বে মুকলি কৰিছিল নিজৰ এটি ইউ টিউব চেনেল ৷ পৰ্তুগালৰ ষ্ট্ৰাইকাৰ ৰ’নাল্ডোৱে 21 আগষ্টত মুকলি কৰা এই ইউ টিউব চেনেলৰ নাম দিছিল "ইউ আৰ ক্ৰিষ্টিয়ানো" ৷ চেনেলটো মুকলিৰ 90 মিনিটৰ ভিতৰতে ই লাভ কৰে 10 লাখ গ্ৰাহক, লগে লগে আটাইতকৈ কম সময়ত সৰ্বাধিক গ্ৰাহক লাভ কৰা দ্ৰুততম ইউ টিউব চেনেলৰ অভিলেখ গঢ়ে ৷
সামাজিক মাধ্যমত বলা এই ধুমুহাৰ এতিয়াও অন্ত পৰা নাই ৷ কিয়নো মাত্ৰ দুদিনতে চেনেলটোৰ গ্ৰাহকৰ সংখ্যাই 30 নিযুতৰ সীমা অতিক্ৰম কৰে আৰু সময়ৰ লগে লগে ই বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ।
ৰ’নাল্ডোৱে এতিয়ালৈকে তেওঁৰ ইউ টিউব চেনেলত মাত্ৰ 19 টা ভিডিঅ' আপলোড কৰিছে, যিবোৰ ভিডিঅ’ বহু নিযুত লোকে প্ৰত্যক্ষ কৰিছে ৷ বিশেষকৈ ৰ’নাল্ডো আৰু পত্নী জৰ্জিয়াই নিজৰ লগতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ব্যাখ্যা কৰা এটা ভিডিঅ’ বৰ্তমানলৈকে উপভোগ কৰিছে প্ৰায় 10 নিযুত লোকে ৷
ক্ৰিষ্টিয়ানোৰ ইউ টিউব চেনেলটোৱে 90 মিনিটতকৈও কম সময়ৰ ভিতৰত এক মিলিয়ন অনুসৰণকাৰী লাভ কৰি অভিলেখ সৃষ্টি কৰে ৷ লগতে তেওঁ ইউ টিউব কৰ্তৃপক্ষৰ পৰা লাভ কৰে গ’ল্ডেন বাটন ৷
প্ৰবীণ ফুটবলাৰগৰাকীয়ে এতিয়া ইউ টিউবৰ পৰা লাভ কৰিব ডায়মণ্ড বাটন ৷ কোনো লোকে নিজৰ ইউ টিউব চেনেলত 10 নিযুত গ্ৰাহক লাভ কৰিলে তেওঁলোকক প্ৰদান কৰা হয় এই বাটন ৷ এনে এক কৃতিত্ব লাভ কৰিবলৈ সাধাৰণ লোক অথবা একোগৰাকী ইউ টিউবাৰক বহু সময়ৰ প্ৰয়োজন, কিন্তু 39 বছৰীয়া ৰ’নাল্ডোৰ চেনেলে 10 ঘণ্টাতে এই সীমা অতিক্ৰম কৰে ৷
ক্ৰিষ্টিয়ানোৰ ইউ টিউব চেনেলটোৰ মুকলিৰ পূৰ্বে আটাইতকৈ কম সময়ত 10 নিযুত গ্ৰাহক লাভ কৰা ব্যক্তিজন আছিল বেষ্ট, যি 132 দিনত এই কৃতিত্ব অৰ্জন কৰিছিল ৷ বেষ্টৰ বৰ্তমান ইউ টিউবত সৰ্বাধিক 311 নিযুত গ্ৰাহক আছে । যদি সেই অনুসৰি এই সংখ্যা বৃদ্ধি হৈ থাকে, তেন্তে ৰ’নাল্ডোৰ ইউ টিউব চেনেলটো ইতিহাসৰ দ্ৰুততম বিকাশশীল চেনেলত পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷