স্পৰ্টছ ডেস্ক, ১৯ জুলাই : ২৬ জুলাইৰ আৰম্ভ হ'ব পেৰিছ অলিম্পিক । এই ক্ৰীড়া মহাৰণ অহা ১১ আগষ্টলৈ চলিব । পেৰিছ অলিম্পিকৰ বাবে এতিয়া সাজু হৈ উঠিছে প্ৰতিখন দেশ । ইয়াৰ মাজতে আহিছে ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ । পেৰিছ অলিম্পিকত নিৰাপত্তাৰ দায়িত্বত থাকিব ভাৰতৰ ১০ কে-৯ নিৰাপত্তাৰক্ষী দল । ইতিমধ্যে আই টি বি পিৰ ২আইচি (ভেট) ড৹ মঞ্জুৰ আহমেদৰ নেতৃত্বত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী, সশস্ত্ৰ সীমা বল, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, এ আৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ কে৯ এছ দলটো ১১ জুলাইত পেৰিছলৈ উৰা মাৰে ।
এই সন্দৰ্ভত আই টি বি পিৰ এজন জ্যেষ্ঠ বিষয়াই কয়, "ফ্ৰান্স চৰকাৰৰ অনুৰোধমৰ্মে ভাৰত চৰকাৰে কূটাঘাতমূলক কাৰ্যকলাপৰ বিৰুদ্ধে দায়িত্ব পালন কৰিবলৈ কে-৯ ৰ এটা দল পেৰিছলৈ প্ৰেৰণ কৰা হৈছে । ভাৰতীয় কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ), বিশেষকৈ ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) কে৯ গোটৰ অনবদ্য খ্যাতিৰ বাবে এই অনুৰোধ কৰা হৈছিল । এই বাহিনীটোৱে জি-২০ সন্মিলনৰ সময়ত তেওঁলোকৰ নিখুঁত প্ৰদৰ্শন আৰু ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ ভাৰত ভ্ৰমণৰ সময়ত আমেৰিকান নৌসেনাৰ সৈতে তেওঁলোকৰ সহযোগিতাৰ বাবে জনাজাত ।"
লগতে বিষয়াজনে কয়, "আৰম্ভণিতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ফ্ৰান্সৰ অনুৰোধ গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিছিল । এক বৈঠকৰ পিচত, চি এ পি এফে সঞ্চালকসকলৰ সৈতে ১০ কে-৯ দলটো প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।"
পেৰিছত উপস্থিত হোৱাৰ লগে লগে কে-৯ দলে পেৰিছ অলিম্পিকৰ নিৰাপত্তা প্ৰস্তুতিৰ অংশ হিচাপে আইফেল টাৱাৰৰ চৌদিশে কূটাঘাতমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । বিষয়াগৰাকীৰ মতে, ফৰাচী কৰ্তৃপক্ষই ড৹ মঞ্জুৰ আহমেদক অতি স্পৰ্শকাতৰ এলেকাসমূহত ভাৰতীয় কে-৯ সেনাসকলক নিয়োজিত কৰিবলৈ অনুৰোধ জনাইছে, যাতে চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি উঠে ।