অসম

assam

ETV Bharat / sports

ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ৰাণ আউট হোৱা খেলুৱৈসকল... তালিকাৰ শীৰ্ষত ৰাহুল দ্ৰাবিড় - MOST RUN OUT IN CRICKET HISTORY

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰাণ আউট হোৱা খেলুৱৈসকলৰ তালিকাত কোন ভাৰতীয় ?

MOST RUN OUT IN CRICKET HISTORY
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ আউটৰ ঘটনা (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 10, 2024, 6:57 PM IST

স্প’ৰ্টছ ডেস্ক: ক্ৰিকেট খেলত এগৰাকী বেটছমেন বিভিন্ন ধৰণে আউট হ'ব পাৰে । কিন্তু এই সকলোবোৰৰ ভিতৰত যিকোনো বেটছমেনৰ বাবে আটাইতকৈ বেদনাদায়ক কথাটো হৈছে 'ৰাণ আউট' । কিয়নো বহুসময়ত এজন বেটছমেন নন-ষ্ট্ৰাইকাৰত থিয় হৈ থকা তেওঁৰ সংগীৰ ভুলৰ বাবে উভতিবলগীয়া হয় পেভিলিয়নলৈ ।

এই প্ৰতিবেদনত আমি আপোনালোকক শীৰ্ষ 10 গৰাকী খেলুৱৈৰ বিষয়ে জনাম, যিসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সকলোতকৈ বেছি ৰাণ আউট হৈছিল ৷

এই তালিকাত আছে ভাৰত আৰু পাকিস্তানৰ সৰ্বাধিক 3 গৰাকীকৈ খেলুৱৈ ৷ আনহাতে, শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ 2 গৰাকীকৈ খেলুৱৈ হৈছে এই তালিকাৰ অংশ । আটাইতকৈ আশ্চৰ্যজনক কথাটো এয়ে যে, পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হক এই তালিকাৰ শীৰ্ষত নাই যদিও তালিকাৰ পঞ্চম স্থান দখল কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ আউট হোৱা খেলুৱৈসকল

1. ৰাহুল দ্ৰাবিড় (ভাৰত)

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰাহুল দ্ৰাবিড়ৰ এক আশ্চৰ্যকৰ অভিলেখ আছে – সেয়া হৈছে সৰ্বাধিক ৰাণ আউটৰ অভিলেখ । ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় সকলো ফৰ্মেটতে মুঠ 53 বাৰ ৰাণ আউট হৈছিল । এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰাবিড়ে 40 বাৰ আৰু টেষ্ট ক্ৰিকেটত সৰ্বাধিক 13 বাৰ ৰাণ আউট হৈছিল ।

ৰাহুল দ্ৰাবিড় (AFP Photo)

2. মাহেলা জয়বৰ্ধনে (শ্ৰীলংকা)

শ্ৰীলংকাৰ ক্ৰিকেট আইকন তথা প্ৰাক্তন সোঁহতীয়া বেটছমেন মাহেলা জয়বৰ্ধনে কেৱল এদিনীয়াত 39 বাৰকৈ ৰাণ আউটৰ হোৱাৰ অভিলেখ গঢ়িছিল । লক্ষণীয়ভাৱে, মাহেলাই টেষ্টত 7 বাৰ আৰু টি-20 ক্ৰিকেটত 5 বাৰ ৰাণ আউট হৈছিল ৷ সামগ্ৰিকভাৱে ক্ৰিকেটাৰগৰাকী 51 বাৰ ৰাণ আউট হৈছিল ৷ যাৰ ফলত তেওঁ এই অনন্য ক্ৰিকেট পৰিসংখ্যাত ৰাহুল দ্ৰাবিড়ৰ পিছত দ্বিতীয় স্থানত আছিল ।

মাহেলা জয়বৰ্ধনে (AFP Photo)

3. মাৰ্ভান আটাপাট্টু

শ্ৰীলংকাৰ অ’পেনাৰ মাৰ্ভান আটাপাট্টুৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক তৃতীয়বাৰৰ বাবে ৰাণ আউট হোৱাৰ অভিলেখ আছে ৷ তেওঁ মুঠ 48 ৰাণ আউটৰ সন্মুখীন হৈছে । আটাপাট্টুৱে এদিনীয়াত 41 বাৰ আৰু টেষ্ট মেচত 7 বাৰকৈ ৰাণ আউটৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ সন্মুখীন হ'বলগা হৈছিল ।

4. ৰিকী পণ্টিং (অষ্ট্ৰেলিয়া)

অষ্ট্ৰেলিয়াৰ কিংবদন্তী ৰিকী পণ্টিঙে 47 বাৰ ৰাণ আউট হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চতুৰ্থ সৰ্বাধিক ৰাণ আউট হোৱা ক্ৰিকেটাৰৰ অভিলেখ গঢ়িছে । সোঁহতীয়া বেটছমেনগৰাকীয়ে এদিনীয়াত 31 বাৰ, টেষ্টত 15 বাৰ আৰু টি-20 ক্ৰিকেটত এবাৰ ৰাণ আউট হৈছিল ৷ যিয়ে দেখুৱায় যে কেনেদৰে তেওঁৰ আক্ৰমণাত্মক দৃষ্টিভংগীয়ে প্ৰতিদ্বন্দ্বীৰ দ্ৰুত ফিল্ডিং দক্ষতাৰ সৈতে সংঘৰ্ষ কৰিছিল ।

ৰিকী পণ্টিং (AFP Photo)

5. ইনজামাম-উল-হক(পাকিস্তান)

পাকিস্তানৰ বাবে ক্ৰিকেট আইকন হিচাপে খ্যাত ইনজামাম-উল-হকেও এই অভিলেখ গঢ়িছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ আউটৰ ক্ষেত্ৰত তেওঁ আছে পঞ্চম স্থানত । ইনজামামে এদিনীয়া ক্ৰিকেটত 40 বাৰকৈ ৰাণ আউটৰ সন্মুখীন হৈছিল আৰু টেষ্টত 6 বাৰ । এনেদৰে, তেওঁ কেৰিয়াৰত মুঠ 46 বাৰ ৰাণ আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতিছিল ।

ইনজামাম-উল-হক (AFP Photo)

6. ৱাছিম আক্ৰাম (পাকিস্তান)

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিকবাৰ ৰাণ আউট হোৱা খেলুৱৈৰ তালিকাত পাকিস্তানৰ প্ৰাক্তন ফাষ্ট বলাৰ ৱাছিম আক্ৰাম আছে ষষ্ঠ স্থানত । আক্ৰাম মুঠ 45 বাৰ ৰাণ আউট হৈছিল ৷ ক্ৰিকেটাৰগৰাকীয়ে এদিনীয়াত 38 আৰু টেষ্টত 7 বাৰকৈ হৈছিল ৰাণ আউট ।

7. মহম্মদ ইউছুফ (পাকিস্তান)

পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ইউছুফ ৰাণ আউটৰ ক্ষেত্ৰত সপ্তম স্থানত আছে । ইউছুফে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত মুঠ 44 বাৰ ৰাণ আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতিছিল ৷ যাৰ ভিতৰত আছে এদিনীয়াত 38 বাৰ ৰাণ আউট আৰু টেষ্ট মেচত 6 বাৰ ৰাণ আউটৰ অভিলেখ ।

8. শচীন তেণ্ডুলকাৰ (ভাৰত)

ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ বেছি অভিলেখ আছে সৰ্বশ্ৰেষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ নামত ৷ অৱশ্যে এই অবাঞ্ছিত অভিলেখৰ তালিকাতো অন্তৰ্ভুক্ত হৈছে খেলুৱৈগৰাকী । শচীনে নিজৰ ক্ৰিকেট কেৰিয়াৰত মুঠ 43 বাৰকৈ হৈছিল ৰাণ আউট । তালিকাৰ অষ্টম স্থানত থকা খেলুৱৈগৰাকীয়ে এদিনীয়াত 34 বাৰ আৰু টেষ্ট মেচত 9 বাৰকৈ ৰাণ আউট হৈছিল ।

শচীন তেণ্ডুলকাৰ (AFP Photo)

9. এলান বৰ্ডাৰ (অষ্ট্ৰেলিয়া)

অষ্ট্ৰেলিয়াৰ কিংবদন্তী ক্ৰিকেটাৰ এলান বৰ্ডাৰো এই তালিকাৰ নৱম স্থানত আছে । বৰ্ডাৰ সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত মুঠ 40 বাৰ ৰাণ আউট হৈছিল । যাৰ ভিতৰত এদিনীয়াত 28 বাৰ আৰু টেষ্ট মেচত 12 বাৰকৈ ৰাণ আউটৰ চিকাৰ হৈছিল ক্ৰিকেটাৰগৰাকী ।

10.মহম্মদ আজহাৰউদ্দিন (ভাৰত)

ভাৰতৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে এই তালিকাত দশম স্থান লাভ কৰিছে । আজহাৰউদ্দিনে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত মুঠ 39 বাৰ ৰাণ আউট হৈছিল ৷ এদিনীয়া ক্ৰিকেটত 32 বাৰ আৰু টেষ্ট ক্ৰিকেটত 7 বাৰ আউট হৈছিল খেলুৱৈগৰাকী ৷

মহম্মদ আজহাৰউদ্দিন (AFP Photo)

লগতে পঢ়ক:24 বছৰত ভৰি দিলে অসম সন্তান ৰিয়ান পৰাগে; বলীউডৰ অভিনেত্ৰীৰ সৈতে আৱদ্ধ হ’ব নেকি বিবাহপাশত...

ABOUT THE AUTHOR

...view details