বৰপেটা, ২২ মাৰ্চঃবৰপেটা লোকসভা সমষ্টিতত চিপিআই(এম)ৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ চলি আছে চৰ্চা ৷ আনকি চিপিআই (এম ) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বৰপেটাৰ আসনখন এৰি দিবলৈ ড৹ হীৰেণ গোঁহাইকে ধৰি কেইবাগৰাকী বিশিষ্ট নাগৰিকে কংগ্ৰেছ হাইকমাণ্ডলৈ পত্ৰও প্ৰেৰণ কৰিছিল ৷ এই আহ্বানক লৈ চলি থকা চৰ্চাৰ মাজতে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নেকি তাকলৈয়ো নানা জল্পনা- কল্পনা চলি আছিল ৷ কিন্তু এই সকলো সম্ভাৱনাক সম্পূৰ্ণ নাকচ কৰি বৰপেটাত ইণ্ডিয়া মৰ্চাৰ দলসমূহে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো নিশ্চিত হ'ল ৷
অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে শুক্ৰবাৰে বৰপেটাত দীপ বায়নৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰক লৈ চলি থকা সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ স্পষ্ট কথা হাইকমাণ্ডে দীপ বায়নক বৰপেটাত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ এইমুহূৰ্তত দীপ বায়নক কেনেকৈ নিৰ্বাচনত জয়যুক্ত কৰিব পাৰি তাৰ বাবে বৰপেটা লোকসভাৰ অধীনৰ কংগ্ৰেছৰ ৫খন জিলা সমিতি, বিভিন্নজন কংগ্ৰেছ নেতাৰ লগতে ৫ গৰাকীকৈ কংগ্ৰেছ বিধায়ক নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে ৷ দীপ বায়ন কোনো মন্ত্ৰী- বিধায়কৰ পুত্ৰ নহয় ৷