লখিমপুৰ, ২৫ মে' :মাজত মাথোঁ ৯ টা দিন বাকী । তাৰ পিছতেই খোল খাব ষ্ট্ৰং ৰুমৰ দুৱাৰ । ষ্ট্ৰং ৰুমৰ দুৱাৰ খোলাৰ লগে লগে অসমৰ চৈধ্য জনকৈ সৌভাগ্যবান প্ৰাৰ্থীৰ দিল্লী যাত্রাৰ পথ প্ৰশস্ত হ'ব । পিছে কোন হ'ব সেই কেইগৰাকী সৌভাগ্যবান প্ৰাৰ্থী ? এই লৈ এতিয়া চলিছে ব্যাপক জল্পনা কল্পনা । ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে এই লৈ উৎকন্ঠা বাঢিছে । ৰাজ্যৰ চৈধ্য টা সমষ্টিৰ অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টিটো এতিয়া ক্ৰমাৎ উৎকন্ঠা বৃদ্ধি পাইছে ৷
এইবাৰ সমষ্টিটোত বিজেপি, কংগ্রেছ, তৃণমূল কংগ্রেছ, ভিপিআই, চিপিআই, এছইউচিআই আদি দলৰ প্ৰাৰ্থীৰ লগতে তিনিজন নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ ৯ জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল । সদ্যসমাপ্ত নিৰ্বাচনটোৰ ৰেহৰূপ প্ৰত্যক্ষ কৰি এই বাৰ সমষ্টিটোত মূল যুঁজখন কংগ্রেছ আৰু বিজেপিৰ মাজতে আৱদ্ধ থকা বুলি ৰাজনৈতিক বিশ্লেষক সকলে ধাৰণা কৰিছে ।
বিধান সভা সমষ্টি অনুসৰি ভোটদানৰ সংখ্যা :
লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈছে ৯ টাকৈ বিধানসভা সমষ্টি । সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১৫ লাখ ৬৯ হেজাৰ ৫৩১ জন । এই ৯ টা সমষ্টিত এইবাৰ ভোটগ্রহণৰ সংখ্যা হ'ল ৭৪ নং ৰঙা নদী সমষ্টিৰ ১ লাখ ৬৯ হেজাৰ ৮৫৫ জন ভোটাৰৰ ১ লাখ ৪৩ হেজাৰ ৪২১ জন, ৭৫ নং নাওবৈচা সমষ্টিৰ ১ লাখ ৬৮ হেজাৰ ৫১১ জন ভোটাৰৰ ১ লাখ ৩৭ হেজাৰ ৮৭৫ জন, ৭৬ নং লখিমপুৰ সমষ্টি ৰ ১ লাখ ৬৬ হেজাৰ ৫০৯ জন ভোটাৰৰ ১ লাখ ২৯ হেজাৰ ৯৭৩ জন ।
ইফালে ৭৭ নং ঢকুৱাখনা সমষ্টি ৰ ১ লাখ ৬০ হেজাৰ ৮৯৬ জন ভোটাৰৰ ১ লাখ ২৩ হেজাৰ ৫৪৫ জন, ৭৮ নং ধেমাজি সমষ্টি ৰ ১ লাখ ৭১ হেজাৰ ৬০২ জন ভোটাৰৰ ১ লাখ ২৮ হেজাৰ ৪০ জন, ৭৯ নং চিচিবৰগাও সমষ্টি ৰ ১ লাখ ৭৫ হেজাৰ ২০২ জন ভোটাৰৰ ১ লাখ ২৮ হেজাৰ ৪৯৫ জন, ৮০ নং জোনাই সমষ্টিৰ ২ লাখ ১৪ হেজাৰ ৯৫জন ভোটাৰৰ ১ লাখ ৬৩ হেজাৰ ৩৯১ জন, ৮১ নং শদিয়া সমষ্টিৰ ১ লাখ ৯৯ হেজাৰ ৬৬৫ জন ভোটাৰৰ ১ লাখ ৪১ হেজাৰ ৬৩ জন আৰু ৮২ নং ডুমডুমা সমষ্টি ৰ ১ লাখ ৪৩ হেজাৰ ১৯৬ জন ভোটাৰৰ ১ লাখ ৯ হেজাৰ ৫২৮ জন ভোটাৰে ভোটদান কৰে । সমষ্টিটোৰ মুঠ ১৫ লাখ ৭৭ হেজাৰ ২৩৪ জন ভোটাৰৰ ১২ লাখ ৫ হেজাৰ ৩৩১ জন ভোটাৰে ভোটদান কৰে ।
কোনে মাৰিব শেষ হাহি; কি কয় সাধাৰণ ৰাইজে :