ETV Bharat Assam

অসম

assam

ETV Bharat / politics

স্মৃতি ইৰাণীৰ প্ৰতিদ্বন্দ্বী কিশোৰী লাল শৰ্মা কোন জানেনে ? - Kishori Lal Sharma - KISHORI LAL SHARMA

AMETHI LOK SABHA SEAT : দেশজুৰি এতিয়া নিৰ্বাচনৰ বতৰ ৷ নিৰ্বাচন বুলি ক’লেই অংকত আউল লগাটো স্বাভাৱিক ৷ এইবাৰ ৰাহুল গান্ধীৰ দুৰ্গস্বৰূপ আমেঠিত ৰাহুল গান্ধীৰ পৰিৱৰ্তে কংগ্ৰেছে মনোনীত কৰিছে নতুন প্ৰাৰ্থী ৷ এতিয়া ৰাজৈনতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে এইগৰাকী কংগ্ৰেছী প্ৰাৰ্থীয়ে... জানেনে এই প্ৰাৰ্থীগৰাকী প্ৰকৃততে কোন ?

Kishori Lal Sharma
স্মৃতি ইৰাণীৰ প্ৰতিদ্বন্দ্বি কিশোৰী লাল শৰ্মা কোন জানেনে ? (ETV BAHARAT ENGLISH)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:18 PM IST

নেশ্যনেল ডেস্ক, 3 মে’ : কংগ্ৰেছে শুকুৰবাৰে চলিত লোকসভা নিৰ্বাচনৰ বাবে আমেঠি আসনৰ পৰা ৰাহুল গান্ধীৰ পৰিৱৰ্তে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰাৰ পিচতেই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিচতেই কিশোৰী লাল শৰ্মাই আমেঠিৰ পৰা বহু ধুমধামেৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷

ইফালে ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ ওপৰত সৰৱ হৈ পৰিছে । ৰাহুল গান্ধীক লক্ষ্য কৰি স্মৃতি ইৰাণীয়ে নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছে আমেঠিত নিজৰ পৰাজয় মানি লৈছে বুলি কটাক্ষ কৰে ৷ আমেঠিৰ পৰা গান্ধী পৰিয়ালে মনোনয়ন দাখিল নকৰাটোৱে নির্বাচনৰ পূর্বেই পৰাজয় মানি লোৱাৰ ইংগিত ৷ গান্ধী পৰিয়ালে যদি সামান্যতম বিজয়ৰ সম্ভাৱনাও দেখিলেহেঁতেন, তেন্তে ইয়াৰ পৰা ৰাহুল গান্ধী নিজেই নিৰ্বাচনত অৱতীৰ্ণ হ’লহেঁতেন বুলি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল প্ৰতিদ্বন্দ্বী ইৰাণী ।

কিশোৰী লাল শৰ্মা কোন জানেনে ?

কিশোৰী লাল শৰ্মা গান্ধী পৰিয়ালৰ এজন ঘনিষ্ঠ সহযোগী ৷ তেওঁ যোৱা চাৰি দশকৰো অধিক সময় ধৰি দলটোৰ সৈতে জড়িত হৈ আছে । পঞ্জাৱৰ লুধিয়ানাৰ পৰা কিশোৰী লাল শৰ্মাই ১৯৮৩ চনত ৰাজীৱ গান্ধীৰ সৈতে ৰায়বৰেলী আৰু আমেঠিত ভৰি দিছিল । তেতিয়াৰ পৰা এই দলটোৰ হৈ কাম কৰি আছে শৰ্মাই ৷ ১৯৯১ চনৰ মে’ মাহত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিচত গান্ধী পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক অধিক দৃঢ় হৈ পৰিছিল ৷

গান্ধী পৰিয়ালৰ অনুপস্থিতিত শৰ্মাই দুয়োটা গুৰুত্বপূৰ্ণ সমষ্টিৰ চোৱাচিতা কৰি আহিছে ৷ তেওঁ দুয়োটা সমষ্টিলৈ সঘনাই ভ্ৰমণ কৰে ৷ আনকি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাৰ পিচত ছোনিয়া গান্ধীৰ সৈতে আমেঠিলৈ গৈ প্ৰথমবাৰৰ বাবে সমষ্টিটো পৰিদৰ্শন কৰিছিল।

ৰাহুল গান্ধীয়ে প্ৰথমে ২০০৪ চনত আমেঠি লোকসভা আসনৰ পৰা নিৰ্বাচিত হৈছিল ৷ তাৰ পিচত ২০০৯ আৰু ২০১৪ চনত নিৰ্বাচিত গান্ধী নিৰ্বাচিত হৈছিল ।

এইবাৰ কংগ্ৰেছ হাইকমাণ্ডে শৰ্মাক তেওঁৰ আনুগত্যৰ বাবে পুৰস্কৃত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ৷ শৰ্মাই কংগ্ৰেছৰ উৰ্ধতন বিষয়াক তেওঁৰ ওপৰত বিশ্বাস কৰি প্ৰাৰ্থিত্বা প্ৰদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ শুকুৰবাৰে কিশোৰী লাল শৰ্মা আৰু ৰাহুল গান্ধীয়ে ক্ৰমে আমেঠি আৰু ৰায়বৰেলীৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৷

লগতে পঢ়ক:ৰায়বৰেলীৰ পৰাহে নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে; আমেঠিত ভোটৰ আগতেই জয়ী যেন অনুভৱ স্মৃতি ইৰাণীৰ - LOK SABHA ELECTION 2024

ভয় কৰিব নালাগে, পলাবও নালাগে: আমেঠি এৰি ৰায়বৰেলীলৈ যোৱা ৰাহুলক নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details