মৰাণ, 10 জুন : তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'লে নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডিব্ৰুগড়ৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
দুইজন নেতাই শপত গ্ৰহণ কৰাৰ পাচতে দুইজনকে শুভেচ্ছা জনালে শেহতীয়া লোকসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিৰোধী ঐক্য মঞ্চৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । দুয়োজনকে অসমৰ কণ্ঠস্বৰ হ’বলৈ আৰু অসমে সন্মুখীন হোৱা প্ৰয়োজনীয়তা, আকাংক্ষা আৰু প্ৰত্যাহ্বানসমূহক অগ্ৰাধিকাৰ দিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনায় এজেপি নেতা লুৰীণজ্যোতি গগৈয়ে ।
ৰাজনৈতিক ভোট যুঁজত পৰাজিত হ'লেও যেন নিজৰ দায়বদ্ধতা পাহৰা নাই লুৰীণজ্যোতি গগৈয়ে । ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰবল আত্মবিশ্বাসী ৰূপত দেখা গৈছিল লুৰীণজ্যোতি গগৈক । ডিব্ৰুগড় লোকসভাত সমষ্টিক লৈ প্ৰৱল আত্মবিশ্বাসী হৈয়ো বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সন্মুখত থমকি ৰ'ব লগা হ'ল লুৰীণজ্যোতি গগৈয়ে । লুৰীণজ্যোতি গগৈ পৰাজিত হোৱাৰ বাবে তেওঁৰ সমৰ্থক তথা সচেতন ভোটাৰে কেতবোৰ কাৰণ বিশ্লেষণ কৰিছে ৷
ডিব্ৰুগড় লোকসভা সমষ্টি
ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় নিৰ্বাচনী যুঁজ হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত । ৰাজ্যত গঠিত বিৰোধী ঐক্য মঞ্চৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । পূৰ্বৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু চাহ বাগিচা অঞ্চলত ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত হৈছিল । তাৰ সুযোগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল জাতীয়তাবাদী নেতা লুৰীণজ্যোতি গগৈয়ে ।
লুৰীণজ্যোতি গগৈৰ পৰাজয়ৰ কাৰণ
ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে ৰাইজৰ বিষেদগাৰৰ পাচতে ডিব্ৰুগড়ক লৈ আত্মবিশ্বাসী হৈছিল বিৰোধী ঐক্য মঞ্চ তথা প্ৰাৰ্থী লুৰীণ জ্যোতি গগৈ । কিন্তু পৰিস্থিতি অনুমান কৰিব পাৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সেই সময়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰি নিৰ্বাচনী যুঁজত নামিছিল । তেতিয়াই যেন বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক অংকত আউল লগা পৰিলক্ষিত হৈছিল ।