অসম

assam

ETV Bharat / politics

নিৰ্বাচনী সভাৰ মঞ্চতেই মূৰ্চ্ছা গ’ল কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী - Lok Sabha Election 2024

ভাষণৰ সময়ত মঞ্চতে মূৰ্চ্ছা গ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ৷ অতিমাত্ৰা গৰমৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসুস্থ হৈ পৰা বুলি তেওঁ উল্লেখ কৰিছে ৷

NITIN GADKARI FAINT
নিৰ্বাচনী সভাৰ মঞ্চত মূৰ্চ্ছা গ’ল কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

By ANI

Published : Apr 24, 2024, 8:02 PM IST

যৱতমল (মহাৰাষ্ট্ৰ), 24 এপ্ৰিল: বুধবাৰে নিৰ্বাচনী প্ৰচাৰ সভা চলি থাকোতেই মহাৰাষ্ট্ৰত সংঘটিত হ’ল এক অঘটন ৷ ৰাজ্যখনৰ য়ৱতমলত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰি অৱস্থাতে মূৰ্চ্ছা গ’ল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ৷ ভাষণ প্ৰদান কৰি থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মূৰ্চ্ছা যোৱাত মঞ্চত লাগিল হুৱাদুৱা ৷

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে বুধবাৰে যৱতমল-ৱাছিম লোকসভা সমষ্টিৰ অন্তৰ্গত পুচাদত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল ৷ সভাখনত অংশগ্ৰহণ কৰি উপস্থিত জনতাক উদ্দেশ্য ভাষণ প্ৰদানৰ সময়তে হঠাৎ মূৰ্চ্ছা যায় 66 বছৰীয়া জ্যেষ্ঠ বিজেপি নেতাগৰাকী ৷ মঞ্চতে নেতাগৰাকীৰ মূৰ্চ্ছা যোৱাৰ লগেলগে তেওঁৰ নিৰাপত্তাৰক্ষীসকলে মঞ্চৰ বাহিৰলৈ লৈ যায় । অৱশ্য মন্ত্ৰীগৰাকীয়ে কেইমিনিটমানৰ পিচতে সুস্থ হৈ ভাষণ সম্পূৰ্ণ কৰিবলৈ মঞ্চলৈ উভতি আহে ।

উক্ত ঘটনাৰ পিচতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক্সযোগে নিজৰ মন্তব্য প্ৰকাশ কৰে ৷ পোষ্টটোত তেওঁ লিখে, ‘‘মহাৰাষ্ট্ৰৰ পুচাদত এক সভাৰ সময়ত, গৰমৰ বাবে মই অস্বস্তি অনুভৱ কৰিছিলোঁ । কিন্তু এতিয়া মই সম্পূৰ্ণ সুস্থ ৷ পৰৱৰ্তী সভাত উপস্থিত থাকিবলৈ ৱাৰুদলৈ ৰাওনা হৈছো । আপোনালোকৰ মৰম আৰু শুভকামনাৰ বাবে ধন্যবাদ ।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৭ ডিচেম্বৰতো মহাৰাষ্ট্ৰত এক ৰাজহুৱা অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ জ্যেষ্ঠ নেতাগৰাকীয়ে এক সমাৱৰ্তনত অংশ লোৱাৰ সময়ত শ্বাসৰুদ্ধ হোৱাৰ ফলত মূৰ্চ্ছা গৈছিল । আহমেদনগৰ জিলাৰ এখন কৃষি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অসুস্থ হৈ পৰিছিল নেতাগৰাকী ৷ ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় হৈ থকাৰ সময়ত মঞ্চত মূৰ্চ্ছা গৈছিল নীতিন গাডকাৰী ।

লগতে পঢ়ক:পশ্চিমীয়া সংবাদ মাধ্যমৰ বিৰুদ্ধে সোচ্চাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

ABOUT THE AUTHOR

...view details