গুৱাহাটী, ১৭ মে':নিৰ্বাচনী প্ৰচাৰৰ নামত দেশৰ বিভিন্ন ঠাইত ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অসম তৃণমূল কংগ্ৰেছে । অসম তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে উগ্ৰ-সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক ভাষণৰ যোগদি সমাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে ।
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা অভিযোগ পত্রৰ যোগেদি তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় । অভিযোগ পত্রখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৫ মে'ত ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণৰ প্ৰসংগত মুছলমানৰ বিৰুদ্ধে কৈ হিন্দু সম্প্ৰদায়ক উচতনি দিছিল বুলি উল্লেখ কৰে ।
মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত মোগলসকলে সমগ্ৰ দেশখন লেতেৰা কৰাৰ কথা সদৰি কৰি এতিয়া হিন্দুসকলে ইয়াক পৰিষ্কাৰ কৰিব লাগিব বুলি কৈছিল । আনহাতে, মুখ্যমন্ত্রীয়ে উচতনি দি কৈছিল যে যদি এইবাৰ বিজেপিয়ে ৪০০ খন আসন লাভ কৰে তেন্তে জ্ঞানবাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰা হ'ব ।