অসম

assam

ETV Bharat / politics

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰিব তৃণমূল কংগ্ৰেছে - Lok Sabha Election Assam

INDI Alliance Assam: অকলেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব তৃণমূল কংগ্ৰেছ ৷ বুধবাৰে এই কথা স্পষ্ট কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে ৷ এই সিদ্ধান্তৰ বাবে ভূপেন বৰাকে জগৰীয়া কৰিলে নেত্ৰীগৰাকীয়ে ৷

TMC Alliance Assam
মিত্ৰতাৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:18 PM IST

মিত্ৰতাৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ

গুৱাহাটী, ৬ মাৰ্চ :অসমত কংগ্ৰেছেৰ সৈতে মিত্ৰতা ভংগ কৰিব তৃণমূল কংগ্ৰেছে ৷ মিত্ৰতা ভংগ কৰি সমাগত লোকসভা নিৰ্বাচনত অসমত চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তৃণমূল কংগ্ৰেছে । আজি গুৱাহাটীত এই কথা স্পষ্ট কৰিলে তৃণমূল কংগ্ৰেছ, অসমৰ নেত্ৰী সাংসদ সুস্মিতা দেৱে ৷

গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত বুধবাৰে তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত সুস্মিতা দেৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি অসমত চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰে । ইতিমধ্যে তৃণমূল কংগ্ৰেছ, অসমে চাৰিজনীয়া নাম তালিকা তৃণমূল কংগ্ৰেছৰ মূৰব্বী মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰা বুলিও স্পষ্ট কৰে সুস্মিতা দেৱে ৷

তৃণমূল ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বত থকা সুষ্মিতা দেৱে কয়, “ কংগ্ৰেছৰ সৈতে মিত্ৰতা আমি ভংগ কৰা নাই, ভূপেন বৰাই ভাঙিছে । আমি চাৰিটাত বিচাৰিছিলো । এতিয়া আমি অকলেই খেলিম আৰু অকলেই জিকিম । মমতা বেনাৰ্জীলৈ আমি লিষ্ট পঠাইছোঁ, তেওঁ আমাক চাৰিটা সমষ্টিত খেলিবলৈ কৈছে । আমি কাৰো ভোট নাকাটো, ভোট কাটিলে আমি ১১ টাত খেলিলোঁহেতেন । চাৰিটাতহে আমি জিকিম ।”

লগতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা সাংসদগৰাকীয়ে অসম কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, “এতিয়া অসমত আমি প্ৰধান বিৰোধী হ’বলৈ গৈ আছো । যুঁজি যুঁজি আমি জিকিম । বিজেপিক এতিয়া কংগ্ৰেছীয়ে চলাইছে আৰু এতিয়া কংগ্ৰেছক চলাইছে বিজেপিয়ে । এতিয়া সকলো খিচিৰি মুঠতে ৷ কোনে কাক চলাইছে ধৰিব নোৱৰা হৈ আছে ৷ কংগ্ৰেছৰ পৰা যোৱাসকলেই বিজেপি চলাইছে ৷ আনহাতে বিজেপিৰ মতে চলিছে অসমৰ কংগ্ৰেছ ৷’’

মন কৰিবলগীয়া যে তণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুণ বৰা বিৰোধী ঐক্যমঞ্চৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষৰ গুৰু দায়িত্বতো আছিল । কিন্তু আজি আনগৰাকী নেত্ৰী সুস্মিতা দেৱে আকস্মিকভাৱে চাৰিখন আসনত অসমত অকলেই নিৰ্বাচন খেলিব বুলি কৰা মন্তব্যৰ পিচত কংগ্ৰেছ-তৃণমূলৰ মিত্ৰতা যে অসমত ভংগ হ’ব সেয়া নিশ্চিত হৈছে ৷

স্বাভাৱিকতে প্ৰশ্ন উঠিছে তৃণমূল কংগ্ৰেছে কোনকেইখন আসনত লোকসভা নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়াব ? তথ্য অনুসৰি লখিমপুৰ, কৰিমগঞ্জ, ধুবুৰী আৰু শিলচৰত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে আগবাঢ়িছে তৃণমূল কংগ্ৰেছ ৷ এতিয়া মমতা বেনাৰ্জীৰ ছীল-মোহৰৰ বাবে অপেক্ষা ।

লগতে পঢ়ক:কংগ্ৰেছৰ চৰকাৰ আহিলে কা বাতিল কৰা হ'ব : কংগ্ৰেছ নেতা পৱন খেৰা

ABOUT THE AUTHOR

...view details