গুৱাহাটী, 16 মে' :এ আই ইউ ডি এফৰ বৰাকৰ দুই বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে দলে ৷ তেওঁলোক দুজন হৈছে কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী ৷ পাঁচ দিনৰ ভিতৰত বিধায়ক দুজনে জাননীৰ উত্তৰ দিব লাগিব ৷ অন্যাথা দলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷
আজি দলৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে ৷ তেওঁ কয় যে বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু নিজাম উদ্দিন চৌধুৰীয়ে বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত বিভিন্ন বিষয় উত্থাপন কৰি আহিছে ৷ দুয়োজনে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে ৷ যিটো দলৰ দৃষ্টিগোচৰ হৈছে ৷ আনহাতে বিধায়ক দুজনৰ বিৰুদ্ধে শেহতীয়া লোকসভা নিৰ্বাচনতো বিভিন্ন দল বিৰোধী কাৰ্যকলাপ কৰাৰ অভিযোগ আছে বুলি কয় তেওঁ ৷
তেওঁ লগতে কয় যে শেহতীয়াকৈ তেওঁলোক দুজনৰ বক্তব্য আৰু টেলিফোনিক বাৰ্তালাপত এই কথা স্পষ্ট হৈ গ'ল যে তেওঁলোক দল বিৰোধী কাৰ্যত জড়িত আছে ৷ আনহাতে তেওঁলোক দুজনে আন দলক সহায় কৰাটোও দৃষ্টিগোচৰ হোৱা বুলি তেওঁ কয় ৷