অসম

assam

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:08 PM IST

Updated : Jun 25, 2024, 10:24 PM IST

ETV Bharat / politics

ৰাহুল গান্ধীয়েই হ’ব লোকসভাৰ বিৰোধী দলপতি - LEADER OF OPPOSITION IN LOK SABHA

Rahul Gandhi: কংগ্ৰেছে ঘোষণা কৰিলে লোকসভাৰ বিৰোধী দলপতিৰ নাম ৷ ৰাহুল গান্ধীয়েই হ’ব বিৰোধী দলপতি ৷ কে চি বেণুগোপালে জনালে এই কথা ৷

Rahul Gandhi
LEADER OF OPPOSITION IN LOK SABHA (IANS File Photo)

নিউজ ডেস্ক, 25 জুন:লোকসভাত বিৰোধী দলৰ নেতা নিযুক্ত ৰাহুল গান্ধী । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে মঙলবাৰে নিশা এই ঘোষণা কৰি কয়, “চি পি পিৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰ’টেম অধ্যক্ষ ভাৰ্ত্ৰুহৰি মেহতাবলৈ পত্ৰ লিখি ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ৷ অন্যান্য বিষয়ববীয়াৰ বিষয়ে পিচত সিদ্ধান্ত লোৱা হ’ব ।”

ইতিপূৰ্বে কংগ্ৰেছ ৱৰ্কিং কমিটী (CWC) ৰ ফালৰ পৰা বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীৰ নাম প্ৰস্তাৱ কৰা হৈছিল যদিও ৰাহুলে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ৷ গতিকে স্বাভাৱিকতে প্ৰশ্ন উঠিছিল বিৰোধী দলপতি কোন হ’ব তাকে লৈ ৷ কিন্তু মঙলবাৰে নিশা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃত অনুষ্ঠিত ইণ্ডিয়া ব্লকৰ এক বৈঠকত বিৰোধী পক্ষত থকা কেউটা দলৰে সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ৰাহুল গান্ধীকেই বিৰোধী দলপতি হিচাপে বাচনি কৰা হয় ৷ লগে লগে এই সৰ্বসন্মত সিদ্ধান্ত আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হয় লোকসভাৰ প্ৰ’টেম অধ্যক্ষ ভাৰ্ত্ৰুহৰি মেহতাবলৈ ৷

5 টা কাৰ্যকাল সাংসদ হৈ থকা ৰাহুল গান্ধীয়ে বৰ্তমান লোকসভাত ৰায়বৰেলী সমষ্টিক প্ৰতিনিধিত্ব কৰিছে । সংবিধানৰ প্ৰতিলিপি হাতত লৈ মঙলবাৰে তেওঁ সাংসদ হিচাপে শপতগ্ৰহণ কৰে ।

লগতে পঢ়ক:ৱায়ানাড় নহয় ৰায়বৰেলী কিয় লাগে ৰাহুল আৰু কংগ্ৰেছক ! - Rahul keeps Raebareli

2024 ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ দুখন আসনত জয়লাভ কৰে ৷ কেৰালাৰ ৱায়ানাড আৰু উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টিৰ পৰা তেওঁ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে বিপুল ভোটত জয়ী হৈ আহে । প্ৰট’কল মানি ৰাহুল গান্ধীয়ে ৱায়ানাড লোকসভাৰ আসনখন এৰি দিবলগীয়া হয় ৷ কংগ্ৰেছে প্ৰিয়ংকা গান্ধী ভাদ্ৰাক এই আসনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে । ইয়াৰ লগে লগে প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী অভিষেক ঘটিব ।

উল্লেখ্য যে বুধবাৰে পুৱা লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ য’ত 543 গৰাকী সাংসদৰ মাজত 7 গৰাকীয়ে ভোটদান কৰিব নোৱাৰিব ৷

লগতে পঢ়ক:ৱায়ানাড এৰাৰ সিদ্ধান্ত ৰাহুলৰ : উপ-নিৰ্বাচনত থিয় দিব প্ৰিয়ংকা - Rahul Gandhi to vacate Wayanad

Last Updated : Jun 25, 2024, 10:24 PM IST

ABOUT THE AUTHOR

...view details