অসম

assam

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:27 PM IST

Updated : Mar 1, 2024, 9:23 AM IST

ETV Bharat / politics

আজি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা, কাৰ কপালত 'টিকেট টু লোকসভা' ?

Lok Sabha Election 2024: দিল্লীত বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক ৷ অসমত কোনে কোনে পাব বিজেপিৰ লোকসভা নিৰ্বাচনৰ টিকট ? বিজেপিৰ কোনে কোনে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা ?

Lok Sabha Election Assam
AGP Lok Sabha Candidate

গুৱাহাটী, ১ মাৰ্চ :সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি প্ৰকাশ পাব অসমত কোনে কোনে পাব বিজেপিৰ লোকসভা নিৰ্বাচনৰ টিকট ? দিল্লীত বিজেপিৰ সংসদীয় কমিটিৰ বৈঠকত হিচাপ-নিকাচ চলিছে লোকসভা নিৰ্বাচনৰ ।

ইতিমধ্যে নিশ্চিত হৈছে অসমত মুঠ ১৪ খন আসনৰ ১১ খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব বিজেপিয়ে । সেই অনুসৰি এখন ইউপিপিএল, দুখন অগপ আৰু ১১ খনত নিজে প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে ।

বিজেপিৰ কোনে কোনে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা ?

গুৱাহাটীত বিজুলী কলিতা মেধিৰ নাম প্ৰায় নিশ্চিত ৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ মহিলা কোষৰ প্ৰাক্তন সভানেত্ৰী বিজুলী কলিতা মেধি গুৱাহাটীৰ প্ৰাক্তন উপ-মেয়ৰো আছিল । ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালক বিজেপিয়ে বিৰোধী ঐক্যমঞ্চৰ লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ।

শোণিতপুৰত প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বৰ্তমানৰ বিহালীৰ বিধায়ক ৰঞ্জিৎ দত্ত হ’ব প্ৰাৰ্থী ৷ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ দত্তক পল্লৱলোচন দাসৰ পৰিৱৰ্তে শোণিতপুৰত লোকসভা নিৰ্বাচনত নমাব বিজেপিয়ে । দৰং-ওদালগুৰিত দিলীপ শইকীয়াকেই বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে ৷ নতুনকৈ গঠিত কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা । নগাঁৱত কংগ্ৰেছ ত্যাগ কৰি শেহতীয়াভাৱে বিজেপিত যোগদান কৰা সুৰেশ বৰাক দিব প্ৰাৰ্থিত্ব ৷

যোৰহাটত তপন গগৈকে পুনৰবাৰ প্ৰাৰ্থিত্ব দিয়াটো এক প্ৰকাৰ নিশ্চিত ৷ ডিফুত বৰ্তমানৰ হৰেন সিং বে’ৰ পৰিৱৰ্তে অমৰছিং টিছ ৷ শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যক, কৰিমগঞ্জত কৃপানাথ মাল্লাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে ৷

আনহাতে বিজেপিৰ মিত্ৰদল অগপই বৰপেটা লোকসভাত বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীক, ধুবুৰীত জাভেদ ইছলামক প্ৰাৰ্থিত্ব দিব ৷ ইউপিপিএলে কোকৰাঝাৰত প্ৰাৰ্থিত্ব দিব ৰাজুকুমাৰ নাৰ্জাৰীক ৷ এতিয়া অপেক্ষা বিজেপিৰ এই তালিকাত আজি দিল্লীৰ সংসদীয় কমিটিৰ চূড়ান্ত ছীল-মোহৰ পৰাৰ পিচত ৰাজহুৱা ঘোষণালৈ ৷

লগতে পঢ়ক:প্ৰাৰ্থিত্বৰ আশাত নহয়, ৰাইজৰ বাবে কাম কৰাৰ আশাতহে গেৰুৱা হ’ল ৰাণা গোস্বামী !

Last Updated : Mar 1, 2024, 9:23 AM IST

ABOUT THE AUTHOR

...view details