গুৱাহাটী, ১১ আগষ্ট :আগন্তুক পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ । যাৰ বাবে কংগ্ৰেছ দলৰ এখনৰ পিচত আনখনকৈ বৈঠক অনুষ্ঠিত কৰি বিভিন্ন পৰ্যায়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে ।
দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰকে ধৰি কমিটীৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।
বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘১৮ জুলাইত হোৱা প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকখনত বিভিন্নজনে দিয়া বিভিন্ন দিহা-পৰামৰ্শ সন্দৰ্ভত পথ নিৰ্দেশনা দিয়াৰ বাবে আজি আলোচনা কৰা হৈছে । বিশেষকৈ সাংগঠিক ব্যাপক সংশোধন, সাংগঠনিকভাৱে সৱলীকৰণ আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ লগত সমানে আগুৱাই যোৱাৰ দিশত পথ নিৰ্দেশনা দিয়াৰ বাবে আজিৰ আলোচনা কৰা হৈছে । আনহাতে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত চৰাইদেউত অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সভা । সাধাৰণ সভাতে আজিৰ বৈঠকৰ প্ৰস্তাৱসমূহৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । তাৰ পিচত হাতে-কামে কৰিবলগীয়া কামখিনি আৰম্ভ কৰা হ’ব ।’’
উল্লেখ্য যে শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কেবাখনো বৈঠক অনুষ্ঠিত হয় । প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত দলৰ নেতৃত্বই অংশগ্ৰহণ কৰে । সেইদৰে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটা সন্দৰ্ভতো পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হৈছিল ।