অসম

assam

ETV Bharat / politics

চিৰদিনলৈ এনডিএৰ সৈতে থাকিব নীতিশ কুমাৰ - PM Modi in Bihar

PM Modi in Bihar: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিহাৰত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানৰ ভাষণত জেডি(ইউ)ৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চিৰদিনৰ বাবে এনডিএৰ সৈতে থকাৰ প্ৰতিশ্ৰুতি দিয়ে ।

PM Modi in Bihar
চিৰদিনলৈ এনডিএৰ সৈতে থাকিব নীতিশ কুমাৰ

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:39 PM IST

নেশ্যনেল ডেস্ক,২ মাৰ্চ :বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস দিছে যে তেওঁ চিৰদিনৰ বাবে এনডিএৰ সৈতে থাকিব । ঔৰঙ্গাবাদ জিলাত ২১,৪০০ কোটি টকাৰ প্ৰকল্প উন্মোচন অনুষ্ঠানৰ ভাষণত নীতিশ কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায় ।

নীতিশ কুমাৰে কয় যে এয়া অতি সুখৰ বিষয় যে প্ৰধানমন্ত্ৰীয়ে বিহাৰত কেইবাটাও উন্নয়নমূলক কামৰ নেতৃত্ব দি আছে আৰু এনে আঁচনিত দ্ৰুতগতিত কাম কৰা হৈছে । প্ৰধানমন্ত্ৰী পূৰ্বেও বিহাৰলৈ আহিছিল কিন্তু তেতিয়া তেওঁ নাছিল । এতিয়া তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আছে আৰু তেওঁ আশ্বাস দিছে যে তেওঁ আৰু ক'লৈও নাযায় । বিজেপি নেতৃত্বাধীন এনডিএয়ে আগন্তুক লোকসভা নিৰ্বাচনত ৪০০ তকৈও অধিক আসন লাভ কৰিব বুলি তেওঁ নিশ্চিত । ভাষণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চত বহি নীতিশ কুমাৰৰ ফালে চাই হাঁহি থকা দেখা গৈছিল ।

নীতিশ কুমাৰে কয় যে বিহাৰৰ ৰাইজে এতিয়া অৰ্থনৈতিকভাৱে অধিক শক্তিশালী অনুভৱ কৰিব । তেওঁৰ মতে বিজেপিৰ সৈতে নীতিশ কুমাৰ ২০০৫ চনৰ পৰা একেলগে আছে আৰু একেলগে বহুতো কাম কৰিছে । কিন্তু এতিয়া বিহাৰ যথেষ্ট আগবাঢ়িছে । আজি ৰে'ল, পথ নিৰ্মাণ আৰু নমামি গংগাৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় । তেওঁ উল্লেখ কৰা মতে আমাচৰ পৰা দৰভাঙ্গালৈ এক নতুন চাৰি লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব । সকলো কাম সোনকালে সম্পন্ন হ'ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ৰতনৱা গাঁৱত এক চৰকাৰী অনুষ্ঠানত উন্নয়নমূলক প্ৰকল্পসমূহ উন্মোচন কৰে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰলেকাৰসহ কেইবাগৰাকী মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীয়ে ১৮,০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প মুকলি কৰে । তেওঁ গংগাৰ ওপৰত এখন ৬ লেনযুক্ত দলঙৰ আধাৰশিলাও স্থাপন কৰে, যি বৰ্তমানৰ জে পি গংগা সেতুৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক :বংগবাসীক বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ প্ৰতিশ্ৰুতি মোদীৰ

ABOUT THE AUTHOR

...view details