অসম

assam

ETV Bharat / politics

মোৰ চুপতি মাৰিবলৈ সময় নাই: ফণীভূষণ চৌধুৰী - LOK SABHA ELECTION

নিৰ্বাচনী প্ৰচাৰসমূহৰ সময়তে লক্ষণীয় হৈ পৰিছে প্ৰাৰ্থীসকলৰ ভোটাৰৰ কাষ চপাৰ বাবে চলোৱা তৎপৰতা ৷ সকলোৱে নিজ নিজ দলৰ নীতি, আদৰ্শ সুঁৱৰি ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা দেখা গৈছে ৷ মঙলবাৰে বৰপেটাৰ বহৰিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ৷

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 11:34 AM IST

Phani Bhushan Choudhury reacts on Dulu Ahmed
ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা, 24 এপ্ৰিল : 7 মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তাৰ প্ৰাকমূহুৰ্তত দিন-ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দলসমূহ ৷ 3নং বৰপেটা লোকসভা সমষ্টিতো প্ৰতিগৰাকী নিৰ্বাচনী প্ৰাৰ্থীয়ে অব্যাহত ৰাখিছে জোৰদাৰ প্ৰচাৰ ৷

মঙলবাৰে প্ৰচাৰ চলাবলৈ বহৰিত উপস্থিত হয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ৷ অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে অঞ্চলটোৰ এখন সভাত উপস্থিত থাকে ৷ বহৰি ৰিজাৰ্ভত অনুষ্ঠিত নিৰ্বাচনী সভাখনত সভাপতিত্ব কৰে অগপৰ জ্যেষ্ঠ নেতা অমিয় কুমাৰ তালুকদাৰে । সভাত উপস্থিত ৰাইজক বিকাশ আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই চৌধুৰীয়ে ৷

তেওঁ কয় যে,"মোক ভোট দিয়া মানেই হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া, মোক ভোট দিয়া মানেই নৰেন্দ্ৰ মোদীক ভোট দিয়া ৷" সভাসমূহত নিৰ্বাচনী প্ৰাৰ্থীগৰাকীয়ে ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ বিষয়ে বিতংভাৱে কৈ ভোটাৰ ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ প্ৰাৰ্থীগৰাকীয়ে লোকসভালৈ নিৰ্বাচিত হ’লে বৃহত্তৰ বৰপেটা সমষ্টিৰ দীৰ্ঘদিনীয়া বান-গড়াখহনীয়া সমস্যাৰ বিৰুদ্ধে মাত মাতি দিল্লীৰ মছনদ কপোঁৱাৰ আশ্বাস প্ৰদান কৰে ৷

ইফালে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, নিৰ্দলীয় প্ৰাৰ্থী আহমেদে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ কোনো উত্তৰ নিদিয়ে ৷ সম্প্ৰতি দুলু আহমেদৰ লগত মুখচুপতি মৰাৰ সময় নাই বুলি মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে ৷

পূৰ্বে এক সংবাদমেলত এক লাখ ভোটৰ ব্যৱধানত দুলু আহমেদে ফণীভূষণ চৌধুৰীক পৰাস্ত কৰিব বুলি কৈছিল ৷ সেই প্ৰসংগতো সৰৱ হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বিপক্ষৰ প্ৰাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷ "মই জিকিম বুলি ক'লেই নহ'ব; মোৰ লগত ৰাইজ আছে নে নাই সেইটোহে কথা"- এইদৰেও মন্তব্য কৰে ফণীভূষণ চৌধুৰীয়ে ৷ বৰপেটা সমষ্টিৰ ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দি জয়যুক্ত নকৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে চৌধুৰীয়ে ৷

লগতে পঢ়ক:সভাৰ মাজতে মঞ্চৰ পৰা বাগৰিল ফণীভূষণ চৌধুৰী

মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই : ফণীভূষণ চৌধুৰী - Lok Sabha Election 2024

হিমন্ত বিশ্ব শৰ্মাৰ ধমকিত বৰপেটাৰ প্ৰাৰ্থী হৈছে ফণীভূষণ চৌধুৰী : মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details