অসম

assam

ৰাণা গোস্বামীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সাজুনে ?

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:11 PM IST

Rana Goswami: ৰাণা গোস্বামীয়ে ঘোষণা কৰা 5 কঠা মাটি এতিয়া কাৰ হ’ব? ইয়াকে লৈ চলিছে সৰব চৰ্চা ৷ কিয়নো কংগ্ৰেছ এৰি বেলেগ দলত যোগদান কৰাৰ প্ৰমাণ দিয়াগৰাকীক 5 কঠা মাটি প্ৰদান কৰাৰ কথা আছিল গোস্বামীয়ে ৷

Rana Goswami Join BJP
বিজেপিত যোগদান ৰাণা গোস্বামীৰ

যোৰহাট, 29 ফেব্ৰুৱাৰী: ৰাণা গোস্বামীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সাজুনে ? সামাজিক মাধ্যমত বহুলভাৱে চৰ্চা হৈছে ৫ কঠা মাটিক লৈ ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰাৰ পিচতে ৰাণা গোস্বামীয়ে কৰা এক মন্তব্যই তীব্ৰ চৰ্চা লাভ কৰিছে ।

চৰ্চাৰ বিষয়ো হৈছে ৰাণা গোস্বামীৰ ৫ কঠা মাটিৰ মালিক হ'ব কোন ? কিয়নো কেইটামান দিনৰ আগতে ৰাণা গোস্বামীয়ে কৈছিল যে যদিহে তেওঁ কংগ্ৰেছ এৰিব বুলি যিয়েই প্ৰমাণ দিব পাৰে তেওঁকেই ৰাণা গোস্বামীৰ পৈতৃক সম্পত্তিৰ ৫ কঠা মাটি দিব ।

ৰাণা গোস্বামীয়ে পূৰ্বে কৰা উক্ত ঘোষণাই বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ চৰ্চা লাভ কৰিছে ৷ যিহেতু ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে ৷ গতিকে ঘোষণা অনুসৰি উক্ত ৫ কঠা মাটি কাৰ হ’ব তাকে লৈ সৃষ্টি হৈছে চৰ্চা ।

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদো ত্যাগ কৰিলে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাললৈ ২৮ ফেব্ৰুৱাৰীত পদত্যাগ পত্ৰ প্ৰেৰণ কৰে গোস্বামীয়ে । ইয়াৰ পিচতে বৃহস্পতিবাৰে গুৱাহাটীস্থিত বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰে ৷

কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিচতে বহু কংগ্ৰেছ কৰ্মীৰ উপৰিও আন বহুলোকে ৰাণা গোস্বামীক প্ৰশ্ন কৰিছে যে, তেওঁ এতিয়া ৫ কঠা মাটি কাৰ নামত লিখি দিব ? কিয়নো যোৱা পহিলা ফেব্ৰুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ আগত প্ৰত্যাহ্বান জনাই গোস্বামীয়ে কৈছিল, ‘‘মই অন্য দলত যোগদান কৰা কথা উলিয়াই মোৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ চলাইছে । এয়া সম্পূৰ্ণৰূপে মিছা চৰ্চা । উক্ত চৰ্চাৰ কোনো ভিত্তি নাই । যদিহে কোনোৱে মোক অন্য দলৰ সৈতে যোগাযোগ কৰিছো বুলি প্ৰমাণ দিব পাৰে, তেন্তে প্ৰমাণ দিওতাক মই পৈতৃক সম্পত্তিৰ ৫ কঠা মাটি লিখি দিম ৷’’

লগতে পঢ়ক:বিজেপিত যোগদান সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ABOUT THE AUTHOR

...view details