অসম

assam

আজমলৰ ধুবুৰীত এইবাৰ হাফিজ বুৰহানুুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি !

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:24 PM IST

National Road Map Party: লোকসভা নিৰ্বাচনত অসমত পানী ঘোলা কৰিবলৈ আহি আছে আন এটা ৰাজনৈতিক দল ৷ বদৰুদ্দিন আজমলৰ দৰে জৰা-ফুকাৰ ৰাজনীতি কৰিবলৈও সাজু হেনো দলটোৰ মুৰব্বী ৷ তিনিটাকৈ সমষ্টিত দিব প্ৰাৰ্থী ৷

National Road Map Party
বৰপেটাৰোডত নেশ্যনেল ৰোড মেপ পাৰ্টীৰ নেতৃত্ব

বৰপেটাৰোডত নেশ্যনেল ৰোড মেপ পাৰ্টীৰ নেতৃত্ব

বৰপেটাৰোড, 7 ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আগমন ঘটিছে আন এক ৰাজনৈতিক দল, নেশ্যনেল ৰোড মেপ পাৰ্টীৰ । ৰাজনৈতিক দলটোৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত নামনি অসমৰ তিনিটাকৈ সমষ্টি ক্ৰমে ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ সংসদীয় সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা বুলি জানিবলৈ দিয়ে দলটোৰ মুৰব্বী তথা নেশ্যনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি হাফিজ বুৰহানুুদ্দিনে ।

বৰপেটাৰোডৰ হোটেল ৰয়েল পেলেচত বুধবাৰে সাংবাদিকক দিয়া এক সাক্ষাৎকাৰত ৰাষ্ট্ৰীয় সভাপতি আৰু সম্পাদকে কয়, ‘‘ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ এই তিনিটা সমষ্টিত নেশ্যনেল ৰোড মেপ পাৰ্টীয়ে জয়ী হৈ দিল্লীৰ সংসদৰ মজিয়াত নামনি অসমৰ মূল সমস্যা, বিশেষকৈ বান, শিক্ষা আৰু ডি ভোটাৰ সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰিব নেশ্যনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়াই ।

বিগত প্ৰায় বিশদিন ধৰি নামনি অসমৰ বিভিন্ন ঠাইত দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন সভা-সমিতিতো অংশ লোৱা বুলি জানিবলৈ দি দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হাহাফিজ বুৰহানুুদ্দিনে ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৷

নেশ্যনেল ৰোড মেপ পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হাফিজ বুৰহান উদ্দিনে কয়, ‘‘এইবাৰ ধুবুৰীত আজমলৰ জৰা-ফুকাৰ সলনি চলিব ৰোড মেপ পাৰ্টীৰ জৰা-ফুকা ৰাজনীতি ৷’’ আজমল আৰু এ আই ইউ ডি এফ দলক তীব্ৰ কটাক্ষ কৰি দলটোৰ মুৰব্বী হাফিজ বুৰহান উদ্দিনে পুনৰ কয়, ‘‘আজমল কবৰত গুচি গৈছে ৷ কবৰত থকা মানুহে একো কাম কৰিব নোৱাৰে ।’’ এ আই ইউ ডি এফৰ কোনো বিধায়কেও ৰাইজৰ কোনো কাম কৰা নাই বুলি দাবী কৰি এ আই ইউ ডি এফে ৰাইজৰ পৰা ভোটলৈ বিধায়ক হিচাপে জয়ী হোৱাৰ পাছত গুৱাহাটীত ঘূৰি ফুৰে বুলিও কয় নেশ্যনেল ৰোড মেপ পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হাফিজ বুৰহান উদ্দিনে ৷

তাৰোপৰি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বিগত দিনৰ উন্নয়নমূলক কাম-কাজত এশ নম্বৰৰ ভিতৰত শূন্য দিয়ে নেশ্যনেল ৰোড মেপ পাৰ্টি অব্ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি হামিজ বুৰহান উদ্দিনে ।

লগতে পঢ়ক:এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

ABOUT THE AUTHOR

...view details