ETV Bharat / politics

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন : মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান - Assam Accord Implementation

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 7:24 PM IST

Bhupen Borah on Assam Accord : মুনাফা লাভৰ বাবে হাথিয়াৰ হিচাবে মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নম্বৰ দফা ব্যৱহাৰ কৰিছে ৷ এই অভিযোগ ভূপেন বৰাৰ ৷ কেন্দ্ৰলৈ এৰি থোৱা ১০ টা পৰামৰ্শ ৰাজহুৱা কৰিবলৈও ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

Bhupen Borah on Assam Accord
মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ দুটা প্ৰশ্ন, এটা প্ৰত্যাহ্বান (ETV Bharat Assam)

বিশ্বনাথ, ৬ ছেপ্টেম্বৰ : “ অসম চুক্তিৰ ৬ নম্বৰ দফাৰ কাৰ্যকৰীকৰণক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীয়ে মুনাফাৰ ৰাজনীতি কৰিছে । লগতে নিজৰ পৰিয়ালৰ সম্পত্তি বিতৰ্ক তল পেলাবলৈ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ঢাল হিচাবে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷”- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুকুৰবাৰে এইদৰে কঠোৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

মুখ্যমন্ত্ৰীৰ আভুৱাভৰা ৰাজনৈতিক চক্ৰান্ত :

“বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনক ৰাজনৈতিক মুনাফা লাভৰ বাবে ক্ষণস্থায়ী হাথিয়াৰ হিচাবে ব্যৱহাৰ কৰিব বিচাৰিছে মুখ্যন্ত্ৰীয়ে । ”- বিশ্বনাথ জিলাৰ বিহালীত এক দলীয় অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫৭ টা পৰামৰ্শ কাৰ্যকৰীকৰণক লৈ ৰাজ্যিক কেবিনেটৰ অনুমোদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুটা প্ৰশ্ন ভূপেন বৰাৰ ৷

প্ৰথম প্ৰশ্ন : CAA বলৱৎ হৈ থকাৰ বিপৰীতে ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দিয়া ৫৭ টা পৰামৰ্শত অনুমোদন জনাই CAAৰ বিৰোধিতা কৰিছে নেকি সেয়া স্পষ্ট কৰক ।

দ্বিতীয় প্ৰশ্ন : কোন ১০ টা পৰামৰ্শ বাদ দি কেন্দ্ৰীয় চৰকাৰলৈ এৰি থৈছে ? এই ১০ টা পৰামৰ্শ কিয় লুকুৱাই ৰাখিছে ? লুকুৱাই থোৱা ১০ টা পৰামৰ্শ ৰাইজৰ জনাৰ অধিকাৰ আছে ৷ মুখ্যমন্ত্ৰীয়ে এই কথা জনাওক । মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ প্ৰশ্ন এয়া ।

১৩ বছৰ অসম চুক্তি মন্ত্ৰী হৈ কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই :

“অসম চুক্তি আমাৰ বাবে গীতা, কোৰাণ, বাইবেল বুলি সৰ্বানন্দ সোণোৱালে কয় ৷ আনহাতে অসম চুক্তি আমাৰ বাবে আমাৰ বাবে গীতা, কোৰাণ, বাইবেল একো নহয় বুলি কয় হিমন্ত বিশ্ব শৰ্মাই কয় ৷ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে অসম চুক্তিক নস্যাৎ কৰি অৱহেলা কৰি আহিছিল ৷ ”- বুলি মন্তব্য কৰি সংবাদেমলত ভূপেন বৰাৰ অভিযোগ যে হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিক সদায় অৱহেলা কৰি আহিছে ৷

“এবছৰ, দুবছৰ নহয় ৷ নিজৰ ৰাজনৈতিক জীৱনত মুঠ ১৩ বছৰ অসম চুক্তি মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ৷ তেৰ বছৰত কি কৰিলে হিমন্ত বিশ্ব শৰ্মাই ? অসম চুক্তিক তেতিয়া কেৱল অৱহেলা কৰিলে ৷”- এই মন্তব্য ভূপেন বৰাৰ ৷

দাৰি-কমা ক’লৈ গ’ল ? কেন্দ্ৰত প্ৰতিবেদনেই জমা নহ’ল :

অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণক লৈ বিজেপিয়ে ক্ষমতালৈ অহাৰ পৰাই কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতে ৰাজনীতি কৰি মুনাফা লভাৰ চেষ্টা কৰি অহাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ । ভূপেন বৰাই কয়, “CAA আন্দোলনৰ সময়ত অমিত শ্বাহে কৈছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাৰি-কমা পৰ্যন্ত কাৰ্যকৰীকৰণ কৰা হ’ব । কিন্তু এতিয়া দাৰি-কমা ক’লৈ গ’ল ?”

উল্লেখযোগ্য যে ২০১৯ৰ জুলাইত CAA বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্যত গঠন কৰা হৈছিল ন্যিয়াধীশ বিপ্লৱ শৰ্মা আয়োগ ৷ ২০২০ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত জমা দিয়া হয় শৰ্মা আয়োগৰ প্ৰতিবেদন ৷ কিন্তু কেন্দ্ৰৰ হাতত জমাই দিয়া নহ’ল এই প্ৰতিবেদন । এই লৈয়ো ক্ষোভ প্ৰকাশ কৰে ভূপেন বৰাই ৷

মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান : ৩১ ডিচেম্বৰৰ সময়সীমা :

বিপ্লৱ শৰ্মাৰ ৫৭ টা পৰামৰ্শৰ পৰা বাদ পৰা কেন্দ্ৰলৈ থোৱা ১০ টা পৰিমৰ্শ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰক বাধ্য কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ভূপেন বৰাৰ । পুনৰ এবাৰ ৰাজ্যৰ থলুৱাসকলক ৰাজনীতি কৰি নঠগি অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ অধিকাৰকে ধৰি ৫ টা পৰামৰ্শ কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰি সিদ্ধান্ত লৈ দেখুৱাবলৈয়ো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান এ পি চি চিৰ সভাপতি বৰাৰ ।

লগতে পঢ়ক : ঘৰলৈ উভতিব ৰিপুণ বৰা: অভিমান এৰি সাজু হৈছে কংগ্ৰেছত যোগদানৰ বাবে

পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা

অসম চুক্তি ৰূপায়ণ আৰু এন আৰ চি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ দাবী বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.