ETV Bharat / politics

দেওবাৰে পুনৰ কংগ্ৰেছত যোগ দিব ৰিপুণ বৰাই - RIPUN BORA WILL JOIN CONGRESS

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 7:40 PM IST

Ripun Bora will join Congress : ঘৰৰ ল'ৰা পুনৰ ঘৰলৈ উভতিব । ২০২২ চনত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছ ত্য়াগ কৰিছিল ৰিপুণ বৰাই । ইয়াৰ পিছতেই তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল জ্য়েষ্ঠ নেতাগৰাকীয়ে । পিছে মোহভংগ হ'ল কম দিনৰ ভিতৰতেই ।

Ripun Bora
সদ্য় তৃণমূল কংগ্ৰেছ ত্যাগী ৰিপুণ বৰা (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : পুনৰ কংগ্ৰেছলৈ উভতি আহিব ৰিপুণ বৰা । পহিলা ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ৰিপুণ বৰাই কাইলৈ অৰ্থাৎ দেওবাৰে কংগ্ৰেছ দলত পুনৰ যোগদান কৰিব । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত তেওঁ যোগ দিব কংগ্ৰেছত । ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব । ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ পুনৰ যোগদানত অনুমোদন জনাইছে বুলি শনিবাৰে সন্ধিয়া ই টিভি ভাৰতক জানিবলৈ দিয়ে বৰাই ৷

ইয়াৰ পাছতে জীতেন্দ্ৰ সিঙে সম্বোধন কৰিব এখন সংবাদমেল । উল্লেখ্য যে দেওবাৰে চৰাইদেউত অনুষ্ঠিতব্য় প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকিব দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । উক্ত অনুষ্ঠানতে পুনৰ কংগ্ৰেছত যোগদান কৰিব ৰিপুণ বৰাই ।

উল্লেখ্য যে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰাই পহিলা ছেপ্টেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল । তেওঁৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে । ৰিপুণ বৰাই পদত্যাগ পত্র তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীলৈ প্ৰেৰণ কৰিছিল ।

  • কি কাৰণে ত্যাগ কৰিলে তৃণমূল কংগ্ৰেছ ?

তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াত ৰিপুণ বৰাই কোন দলত যোগদান কৰিব সেই কথা স্পষ্ট কৰা নাছিল যদিও কংগ্ৰেছ দললৈ পুনৰ উভতি যোৱাৰ ইংগিত দিছিল । তৃণমূল কংগ্ৰেছ ত্যাগ কৰা সন্দৰ্ভত তেওঁ কৈছিল,' পশ্চিম বংগৰ দৰে অসমতো বিজেপিক প্ৰতিহত কৰাৰ এটা প্লেটফৰ্ম কৰিব পাৰিম বুলি আশা কৰিছিলো । তেনেকুৱা সপোন লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিলো । কিন্তু বিগত আঢ়ৈ বছৰ অসমত তৃণমূল কংগ্ৰেছৰ সংগঠন কৰিবলৈ গৈ দেখিলো যে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক গ্ৰহণ নকৰে । কাৰণ অসমৰ ৰাইজে ভাবে যে এইটো এটা বেংগলৰ আঞ্চলিক দল । বেংগলৰ আঞ্চলিক দল এটাক অসমৰ মানুহে কিয় গ্ৰহণ কৰিব । আমি ৰাইজক বুজাবৰ চেষ্টা কৰিছিলো, কিন্তু নুবুজিলে । গতিকে সিদ্ধান্ত ল'লো যে ৰাইজে যদি গ্ৰহণ নকৰে তেন্তে আমি আমাৰ মূল লক্ষ্যত উপনীত হ'ব নোৱাৰিম ।"

তেওঁ পুনৰ কয়," ৰাইজে গ্ৰহণ নকৰিলে বিজেপিক কিদৰে প্ৰতিহত কৰিম । সময় আৰু এনাৰ্জি অপব্যয় হ'ব । বহু চিন্তা কৰি মই দলটো ত্যাগ কৰিছো ।" সেই সময়ত ৰিপুণ বৰাই "কংগ্ৰেছ মোৰ পুৰণি ঘৰ, সেয়ে ঘূৰি যোৱাত মোৰ কোনো আপত্তি নাই" বুলি মন্তব্য কৰিছিল ।

  • ২০২২ চনত ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰত কি আছিল ?

অৱশেষত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সাতদিনj পিছত ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত হ'ল । ২০২২ চনৰ ১৭ এপ্ৰিলত কংগ্ৰেছ ত্যাগ কৰিছিল ৰিপুণ বৰাই । ইয়াৰ পিছতেই তেওঁ দলৰ পৰা পদত্যাগৰ কাৰণ সম্পৰ্কে উল্লেখ কৰি ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল । তেওঁ ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছতে দলত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সময়ত ৰিপুণ বৰাই বিজেপিৰ বহু নেতাৰ লগত কংগ্ৰেছৰ বহু নেতাৰ সৈতে হলি-গলি থকা বুলি অভিযোগ কৰিছিল ।

ৰাজ্যসভা নিৰ্বাচনত জয়ী হ'ব পৰাকৈ পৰ্যাপ্ত বিধায়ক লগত থকাৰ পিছতো পৰাজিত হ’বলগীয়া হৈছিল ৰিপুণ বৰা । তেওঁ নিজৰ কংগ্ৰেছ দলৰ লগতে সেই সময়ত মিত্ৰতা থকা এ আই ইউ ডি এফে দলেও ৰাজ্যসভা নিৰ্বাচনত তেওঁক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাৰ‌ স্থলাভিষিক্ত হোৱা ভূপেন বৰাৰ সৈতে বহু পুৰনি ৰাজনৈতিক শত্ৰুতা থকা বুলি সেই সময়ত ৰাজনৈতিক মহলত আলোচিত হৈছিল । যাৰ বাবে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দুই পৃষ্ঠাৰ দীঘলীয়া পদত্যাগ পত্ৰ পঠিয়াই কংগ্ৰেছৰ পৰা বিদায় লৈ ৰিপুণ বৰাই যোগ দিছিল তৃণমূল কংগ্ৰেছত ।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলকতাত দলটোত যোগদান কৰিছিল । যোগদানৰ পাছত ৰিপুণ বৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিছিল । কিন্তু আঢ়ৈ বছৰ সেৱা আগবঢ়োৱাৰ পিছত তেওঁ তৃণমূল কংগ্ৰেছৰ পৰাও আঁতৰি আহিল । অৱশেষত ৰিপুণ বৰাই নিজৰ পুৰণি ঘৰখনলৈ উভতি আহিব । কাইলৈৰ পৰা পুনৰ ৰিপুণ বৰাৰ নতুন পৰিচয় হ'ব কংগ্ৰেছী ।

লগতে পঢ়ক:অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক নিবিচাৰে: ৰিপুণ বৰা - Ripun Bora quits TMC

যত কংগ্ৰেছৰ প্ৰাৰ্থী অতি দুৰ্বল তাতহে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো : ৰিপুন বৰা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.