ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত কি ক'লে জাকিৰ হুছেইন শিকদাৰে - RIPUN BORA WILL JOIN CONGRESS

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 10:51 PM IST

thumbnail
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ (ETV Bharat Assam)

মৰাণ,৭ ছেপ্টেম্বৰ : চৰাইদেউৰ মথুৰাপুৰত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত অসম তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰিব । ৰিপুণ বৰাই কংগ্ৰেছ দলত যোগদান কৰাক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ।  

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়," ৰিপুণ বৰা কংগ্ৰেছ দলৰ সভাপতি, বিধায়ক, সাংসদ আৰু মন্ত্ৰী আছিল । ৰিপুণ বৰাৰ কংগ্ৰেছ দলত যোগদানৰ বিষয়টো অসম প্ৰদেশ কংগ্রেছে বিবেচনা নকৰে । তেওঁৰ যোগদানক লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিবেচনা কৰিব । ৰিপুণ বৰাৰ ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে যি সিদ্ধান্ত দিব প্ৰদেশ কংগ্ৰেছে মুৰ পাতি ল'ব ।"

লগতে পঢ়ক:দেওবাৰে পুনৰ কংগ্ৰেছত যোগ দিব ৰিপুণ বৰাই - RIPUN BORA WILL JOIN CONGRESS

জনজাতিকৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰিলে গৌৰৱ গগৈয়ে - Demand for Tribal status

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.