গুৱাহাটী, ৩ ছেপ্টেম্বৰ: বি টি আৰত সলনি হোৱাৰ দিশে ৰাজনৈতিক সমীকৰণ । চিৰবৈৰী দুটা আঞ্চলিক দল আগবাঢ়িছে একত্ৰিকৰণৰ দিশে । বি পি এফ আৰু ইউ পি পি এলৰ মাজত মিত্ৰতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । একত্ৰিকৰণৰ দিশত আলোচনা কৰাৰ বাবে দুয়োটা দলৰ কমিটী গঠন কৰা হৈছে । বি পি এফ দলে বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত কমিটী গঠন কৰাৰ বিপৰীতে ইউ পি পি এল দলে সাংসদ ৰণগৌড়া নাৰ্জাৰীৰ নেতৃত্বত কমিটী গঠন কৰিছে । এই কমিটী দুখনে একত্ৰিত হোৱাৰ দিশত আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিব ।
এই সন্দৰ্ভত বি পি এফ দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক দুৰ্গাদাস বড়োৱে কয়, "বি টি চিৰ জনগণ শংকিত হৈ আছে । যিটো কাৰণত বি টি চিৰ জন্ম হৈছিল, হাজাৰ হাজাৰ মানুহ শ্বহীদ হৈছিল, যথেষ্ট ক্ষয়-ক্ষতি হৈছিল, তাৰ বিনিময়ত বি টি চি হৈছিল আৰু এতিয়া বি টি আৰ হৈছে । কিন্তু লাহে লাহে সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে বিশেষকৈ বিজেপিয়ে বি টি চিত আগ্ৰাসী ৰূপত যিদৰে সাংগঠনিক কাম-কাজ চলাই আছে তাত স্থানীয় ৰাইজে হাতৰ পৰা ক্ষমতা গুচি যাব বুলি অনুভৱ কৰে ।’’
বিধায়কগৰাকীয়ে লগতে কয়, ‘‘আমাৰ মানুহে ভাবে যে স্ব-শাসনৰ বাবে আমি এটা অঞ্চল পাইছো আৰু ভৱিষ্যতে আমি সেই স্ব-শাসনৰ পৰা বঞ্চিত হ‘ম নেকি বুলি সন্দেহ কৰিছে । স্থানীয় ৰাইজে ভাবে যে আঞ্চলিক দল বি পি এফ আৰু ইউ পি পি এল একত্ৰিত হ'লেহে আমাৰ স্বাৰ্থ ৰক্ষা হ'ব । আমি ৰাইজকলৈ ৰাজনীতি কৰিছো আৰু সেই গতিকে তেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে । আমি দুয়োটা দলে ৰাইজৰ স্বাৰ্থ বাদ দি আগবাঢ়ি যাব নোৱাৰো । গতিকে আমাৰ বি পি এফ দলৰ নেতা ৰবিৰাম নাৰ্জাৰী আৰু ইউ পি পি এলৰ নেতা ৰণগৌৰা নাৰ্জাৰীয়ে ৰাইজৰ মনৰ ইচ্ছা সম্পৰ্কত আলোচনা কৰি আছে ।’’
‘‘এতিয়া বিষয়টো প্ৰাথমিক পৰ্যায়ত আছে । ৰাইজৰ লগত যদি আমাৰ ৰাজনৈতিক দলৰ কথাবোৰ মিলে তেতিয়া বিষয়টো আগবাঢ়িব । মই ভাবো ৰাজনীতিত একো অসম্ভৱ নহয় । অকলে ক্ষমতা দখল কৰাৰ কথা মই কব খোজা নাই । বি টি চিৰ ৰাইজে আমাৰ দুয়োটা দল একত্ৰিত হোৱাটো বিচাৰিছে । দুয়োখন কমিটীয়ে আলোচনা কৰি আছে । মই ভাৱো নিশ্চয় কিবা ফলাফল ওলাব ।’’ তেওঁ পুনৰ কয় ৷
লগতে পঢ়ক: ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ - ABSU President on BTR Politics
পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কাৰো লগত নহয়: হিমন্ত বিশ্ব শৰ্মা - Panchayat poll in Assam
লক্ষণীয় বিষয় যে বি টি আৰত ইউ পি পি এল আৰু বিজেপিৰ সংঘাতে তীব্ৰ ৰূপ লৈছে । দুয়োটা দলৰ সংঘাত এতিয়া গোপনীয় হৈ থকা নাই । অলপতে বি টি চি চৰকাৰৰ কামকাজক সমালোচনা কৰি অপসাৰিত হ'বলগা হৈছে পৰিষদীয় চৰকাৰখনৰে বিজেপিৰ এগৰাকী কাৰ্যবাহী পাৰিষদে । বিজেপিৰ মিত্ৰদল তথা বি টি আৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি চি চৰকাৰে বিজেপি দলৰ ৰেওৰেওৱা নাৰ্জিহাৰীক হঠাতে কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে ।
উল্লেখ্য যে বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক গুৰুত্বহীন কৰি এইবাৰ অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পাছতে বি টি আৰৰ ৰাজনীতিত খলকনিৰ সৃষ্টি হয় । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল । লগতে বিগত নিৰ্বাচনত বিজেপিৰ সহায়তহে মিত্ৰদল ইউ পি পি এলে জয়লাভ কৰা বুলি সদৰী কৰিছিল । মুখ্যমন্ত্ৰীৰ এনে মন্তব্যই বি টি আৰৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
আনহাতে কিছুদিন পূৰ্বে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে জাতিটোৰ আৰু বি টি আৰৰ চুক্তিসমূহ ৰূপায়ণ কৰাৰ স্বাৰ্থত ইউ পি পি এল আৰু বি পি এফক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল । ছাত্ৰনেতাগৰাকীৰ এনে আহ্বানৰ পিছতে বি টি আৰত শেহতীয়াকৈ ইউ পি পি এল আৰু বি পি এফৰ একত্ৰীকৰণৰ বিষয়টোৱে এক গতি লাভ কৰিছে । একত্ৰিকৰণৰ বিষয়টো আগুৱাই নিয়াৰ বাবে দুয়োটা দলে দুখনকৈ কমিটী গঠন কৰি দিছে । বি টি আৰৰ এই ৰাজনৈতিক সমীকৰণক বিজেপিয়ে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।
লগতে পঢ়ক: বি টি আৰত ইউ পি পি এল-বিজেপিৰ সংঘাত তুংগত; সমালোচনা কৰি অপসাৰিত বিজেপিৰ ই এম - BTC Elections 2024
ডাঙৰ মাছ বিজেপিয়ে গ্ৰাস কৰাৰ শংকাত বড়ো জাতীয়তাবাদ : নতুন ৰাজনীতিৰ উকমুকনি - BTR politics