ETV Bharat / politics

বাংলাদেশী অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে অসম চৰকাৰে : হেমন্ত ছোৰেণ - Hemant Soren - HEMANT SOREN

Hemant Soren targeted Himanta Biswa Sarma : বাংলাদেশী অনুপ্ৰৱেশৰ ক্ষেত্ৰত অসম চৰকাৰক দোষাৰোপ কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ৷ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বহু ডিগ্ৰী আছে বুলিও মন্তব্য হেমন্ত ছোৰেণৰ ৷

Hemant Soren targeted Himanta Biswa Sarma
মুখ্যমন্ত্ৰী হেমন্ত সোৰেণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 11:01 PM IST

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত সোমবাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভাত দেখা গ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক ৷ সভাত ভাষণ প্ৰদান কৰি বিজেপিক কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল হেমন্ত ছোৰেণ ৷

অসম চৰকাৰ, বিজপিক সমালোচনা হেমন্ত ছোৰণৰ (ETV Bharat)

অসম চৰকাৰৰ বিৰুদ্ধে বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰসংগত অসম চৰকাৰৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত হেমন্ত ছোৰেণে কয় যে তেওঁ মন গ’লেই ঝাৰখণ্ডলৈ আহে । কেৱল হিন্দু আৰু মুছলমান কৰি থাকে তেওঁ । সাম্প্ৰদায়িক পৰিৱেশ নষ্ট কৰাৰ বহু ডিগ্ৰী আছে তেওঁৰ । কেতিয়াবা চৰকাৰ ভংগ কৰাৰো চেষ্টা কৰে ৷

হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কয়, ‘‘ বাংলাদেশীসকলে অনুপ্ৰৱেশ কৰাৰ কথা কয় তেওঁ ৷ তেওঁলোকে কয় যে এই লোকসকল অসমৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈছে । এতিয়া প্ৰশ্নটো হ’ল- তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক কিয় পথ দি আছে ?’’ ৰাঁচীৰ নামকুমত অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কেন্দ্ৰীয় চৰকাৰকো কঠোৰ সমালোচনা কৰে ৷

যুৱকসকলৰ মৃত্যুৰ বাবে দায়ী কৰোনা ভেকছিন :

কৰ্তব্যৰত অৱস্থাতে চিপাহীৰ মুত্যুত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে শোক প্ৰকাশ কৰে । তেওঁ কয়, ‘‘আজিকালিতো ঘূৰি-ফুৰোতেও মানুহৰ মৃত্যু হয় ৷ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে কৰোনা ভেকছিন । ভুল ভেকছিনে যুৱকসকলৰ প্ৰাণ কাঢ়ি আছে ৷ সাধাৰণ ৰোগতে এতিয়া যুৱক-যুৱতীসকলৰ মৃত্যু হৈছে ৷ সমগ্ৰ বিশ্বই প্ৰত্যাখ্যান কৰা ভেকছিনটো দেশবাসীক বলপূৰ্বকভাৱে প্ৰদান কৰা হ’ল ৷ বিজেপিয়ে এইটো কেৱল ছান্দা লাভৰ বাবে কৰিলে ৷ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে বিজেপিৰ মানুহে ইমানে মিঠা কথা কয় যে আনকি গুড়ো বিফল হয় । কিন্তু তেওঁলোকৰ মিঠাত বিষ আছে ৷

মোক মিছা গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল : হেমন্ত ছোৰেণ

মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে কয় যে, ‘‘চৰকাৰখনে কাম কৰিবলৈ আৰম্ভ কৰোতেই কৰোনা মহামাৰী আহিছিল । ইমান ডাঙৰ মহামাৰী হোৱা স্বত্বেও ঝাৰখণ্ডত কাকো ভোকত থাকিবলৈ দিয়া হোৱা নাছিল । কৰোনাৰ পিছত যেতিয়া কেন্দ্ৰৰ পৰা 1.34 লাখ কোটি টকা কেন্দ্ৰৰ পৰা বিচৰাৰ লগে লগে এওঁলোক চৰকাৰৰ পৰা পিছ লাগি গ’ল ৷ বিধায়কসকলকো কিনিবলৈ আৰম্ভ কৰিলে ৷ তেওঁলোকে ইয়াত সফল নহৈ মোক এটা মিছা গোচৰত কাৰাগাৰত ৰাখিলে ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা দিয়াও বন্ধ কৰিলে । তাৰ পিছতে আমি আবুয়া আৱাস আঁচনি আৰম্ভ কৰিলো ৷

লগতে পঢ়ক : প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে, ৰাজনীতিৰ পৰা অৱসৰৰ তাৰিখ ঘোষণা কৰক ! ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : অপেক্ষা বিজেপিয়ে চৰকাৰ গঠন কৰালৈ

সমাজ বিভাজনৰ বাবে ঝাৰখণ্ডত আছে হিমন্ত বিশ্ব শৰ্মা : মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.