ধুবুৰী:ধুবুৰীত উপস্থিত হৈ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ মুকলি প্ৰত্যাহ্বান । লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিভিন্ন প্ৰকাৰে তীব্র সমালোচনা কৰে সাংসদ ৰকিবুলে । ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সাংগঠনিক পৰ্যালোচনা সভাত অংশগ্ৰহণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ নেতা ৰিপুণ বৰা, ৱাজেদ আলী চৌধুৰী আৰু আব্দুছ ছোৱাহান আলী সৰকাৰৰ ।
দলীয় পৰ্যালোচনা সভাৰ অন্তত আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ কংগ্ৰেছ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন আঁচনি দি অহা স্বত্বেও বিজেপিৰ পদুম ফুলৰ চিহ্ন লৈ ৰাইজৰ মাজলৈ যোৱাৰ সাহস কিয় হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । ইপিনে ২০২৬ ত চামগুৰি সমষ্টি দখল কৰাৰ সংকল্প লোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাংসদ ৰকিবুল হুছেইনে জনালে মুকলি প্ৰত্যাহ্বান ।
চামগুৰি সমষ্টি পুনৰুদ্ধাৰ কৰাৰ লগতে ২০২৬ ৰ নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাক চোঁচৰাই চোঁচৰাই আঁতৰাব বুলি মুকলি প্ৰত্যাহ্বান সাংসদ ৰকিবুলৰ । আনহাতে ড৹ বি আৰ আম্বেদকাৰক কংগ্ৰেছে কিয় ভাৰতৰত্ন বঁটা নিদিলে বুলি মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনাৰ প্ৰসংগ উপস্থাপন কৰি সাংসদ ৰকিবুল হুছেইনে উভতি ধৰিলে মুখ্যমন্ত্ৰী শৰ্মাক ।