গুৱাহাটী, 20 ফেব্ৰুৱাৰী : এইবাৰ ৰাজনৈতিক প্ৰেমৰ সংজ্ঞা আগবঢ়াইছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ তেওঁৰ মতে এটা নাৰিকলত দুডাল পাইপেৰে পানী খোৱাটোহে আচল প্ৰেম ৷ বৰ্তমান কংগ্ৰেছ দলৰ বিপৰ্যয়ক লৈ ৰকিবুল হুছেইন, ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া প্ৰসংগত নিজৰ মন্তব্য আগবঢ়াই এইদৰে কয় মৰিয়নীৰ বিধায়কজনে ৷
শেহতীয়াকৈ নিজ মাতৃৰ পৰামৰ্শ মতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিলৈ যোৱাৰ কথা নাভাবে বুলি সংবাদ মাধ্যমত মন্তব্য কৰিছিল ৷ এই প্ৰসংগত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা চলি থকাৰ মাজতে সদনৰ বাহিৰত মাতৃ প্ৰেম আৰু দলীয় প্ৰেম প্ৰসংগত ব্যাখ্যা আগবঢ়ায় বিধায়ক কুৰ্মীয়ে ৷ “মোৰ মাৰ ৰাজনৈতিক জীৱন ওচৰৰ পৰা পাইছো ৷ সেয়া মোৰ আবেগ ৷ মাক দেখিছিলো কংগ্ৰেছৰ কাৰণে কিমান কৰিছিল ৷ মায়ে যিমান সন্মান পাব লাগিছিল কংগ্ৰেছে নিদিলে ৷ কেবিনেটে মন্ত্ৰী দিয়া নাছিল ৷ দিল্লীত মাৰ হৈ চাহপাতৰ পেকেট মই লৈ গৈছিলো ৷ চাহপাতৰ পেকেট দিহে মা মন্ত্ৰী হৈছিল ৷”— কংগ্ৰেছ দলত নিজৰ মাতৃয়ে প্ৰাপ্য ৰাজনৈতিক মৰ্যাদা নোপোৱা বুলি অভিযোগ কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷