অসম

assam

ETV Bharat / politics

ৰ'জলীনা তিৰ্কীৰ হৈ নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ৰ'জলীনা তিৰ্কী এগৰাকী শিক্ষিত আৰু যোগ্য প্ৰাৰ্থী । কাজিৰঙাৰ ৰাইজে "কা"ৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে ই ভি এমত কংগ্ৰেছক ভোট দিব বুলি দাবী কৰে নন্দিতা দাসে ।

Lok Sabha Election 2024
ৰ'জলীনা তিৰ্কীৰ হৈ নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 7:14 PM IST

ৰ'জলীনা তিৰ্কীৰ হৈ নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ

গোলাঘাট,৬ এপ্ৰিল :ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । গোলাঘাট জিলাৰ খুমটাই সমষ্টিতো বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী কংগ্ৰেছৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলি আছে । কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ।

খুমটাইৰ হাবিছোৱা, মৌখোৱা, গাড়ীগাঁও আদি বহু স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়িকা নন্দিতা দাস । খুমটাই সমষ্টি কংগ্ৰেছ শূন্য হ'ব বুলি চলি থকা চৰ্চাৰ মাজতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দলীয় ভেটি এতিয়াও শক্তিশালী বুলি দাবী কৰে । ইফালে এইবাৰ ৰাইজে কংগ্ৰেছক ভোট দিব বুলিও আশাবাদী নন্দিতা দাস । তেওঁৰ মতে বহু নেতা বিজেপিলৈ গৈছে যদিও কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীসকল এতিয়াও কংগ্ৰেছতে আছে । কাজিৰঙা সমষ্টিত ৰ'জলীনা তিৰ্কীয়ে বিপুল ভোটত জয়লাভ কৰাৰ দাবী বকোৰ বিধায়িকাগৰাকীৰ ।

বিধায়িকাগৰাকীৰ মতে কংগ্ৰেছে এইবাৰ পূৰ্বতকৈ বেছি আসন লাভ কৰিব । বিজেপিক সমালোচনা কৰি নন্দিতা দাসে কয় যে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ খৰ্ব কৰা হৈছে । সেয়ে সৰ্বসাধাৰণ ৰাইজে ই ভি এমৰ জৰিয়তে চিএএৰ বিৰুদ্ধে ভোট দান কৰিব বুলি তেওঁ দাবী কৰে । আনহাতে বসুন্ধৰা আঁচনিৰ জৰিয়তে খিলঞ্জীয়া ভূমিপুত্ৰই ভূমিপট্টা লাভ কৰিব বুলি ভাবিছিল যদিও লাখ লাখ খিলঞ্জীয়া ভূমি পট্টা লাভৰ পৰা বঞ্চিত হৈছে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দাবী কৰে ।

কংগ্ৰেছ বিধায়িকা নন্দিতা দাসৰ মতে ৰ'জলীনা তিৰ্কী এগৰাকী শিক্ষিত আৰু যোগ্য প্ৰাৰ্থী, যাৰ বাবে কাজিৰঙা লোকসভা সমষ্টিৰ ৰাইজে বিপুল ভোটৰ ব্যৱধানত তেওঁক জয়ী কৰাই দিল্লীলৈ প্ৰেৰণ কৰিব ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ তদাৰক কৰিলে মন্ত্ৰী অতুল বৰাই - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details