গুৱাহাটী, ২৪ মাৰ্চ: বিপৰ্যয়ে লগ নেৰা প্ৰদেশ কংগ্ৰেছত আন এক বিপদ । এইবাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ পৰা হঠাতে পদত্যাগ কৰিলে নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত নৰহে । এই সন্দৰ্ভত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।
প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কথা সদৰী কৰি বিধায়ক ভৰত নৰহে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে সহধৰ্মিণী ৰাণী নৰহে টিকট লাভ নকৰাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰে ভৰত নৰহে । পত্নী টিকটৰ পৰা বঞ্চিত হোৱাৰ বাবেই ভৰত নৰহে এই সিদ্ধান্ত লোৱা বুলি চৰ্চা হৈছে । পদত্যাগ পত্ৰত ভৰত নৰহে মিডিয়া বিভাগৰ অধ্যক্ষ পদ ত্যাগ কৰাৰ কোনো কাৰণ উল্লেখ কৰা নাই ।
লক্ষ্যণীয় বিষয় যে নিৰ্বাচনৰ সময়ত মিডিয়া বিভাগটোৰ ভূমিকা আৰু গুৰুত্ব যথেষ্ট বেছি । কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হঠাতে অধ্যক্ষ পদ ত্যাগ কৰি মিডিয়া বিভাগৰ পৰা ভৰত নৰহ আঁতৰি যোৱা বিষয়টোৱে প্ৰদেশ কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি কৰিছে । উল্লেখ্য যে লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল দুবাৰৰ সাংসদ ৰাণী নৰহ আৰু নতুনকৈ বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা উদয় শংকৰ হাজৰিকা । এফালে আছিল ৰাণী নৰহৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত প্ৰৱল প্ৰতাপ আৰু আনফালে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰাৰ্থী আছিল উদয় শংকৰ হাজৰিকা । যাৰ বাবে লখিমপুৰৰ প্ৰাৰ্থী ঘোষণাত যথেষ্ট পলম হৈছিল কংগ্ৰছে নেতৃত্বৰ ।
লখিমপুৰত টিকট পোৱাৰ বাবে ৰাণী নৰহ দীৰ্ঘদিন ধৰি দিল্লীত হাইকমাণ্ডৰে যোগাযোগত আছিল । আনকি নতুন দিল্লীত একেবাৰে শেষলৈকে নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল ৰাণী নৰহে । ৰাণী নৰহে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি নিজৰ প্ৰাৰ্থিত্বৰ বাবে শেষ চেষ্টা চলাইছিল । কিন্তু অৱশেষত কংগ্ৰেছ নেতৃত্বই লখিমপুৰ সমষ্টিত ৰাণী নৰহৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক টিকট দিয়ে ।