গাঁৱৰ মহিলাক বিজেপিয়ে ভোটৰ নামত ভয়-ভাবুকি প্ৰদানৰ অভিযোগ মীৰা বৰঠাকুৰৰ গুৱাহাটী,২৫ এপ্ৰিল :"বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ নামত আচৰণ বিধি উলংঘা কৰিছে । নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপিয়ে মহিলাসকলক চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভন দি থকা হৈছে । গাঁৱৰ মহিলাসকলক ভয় আৰু ভীতিগ্ৰস্ত কৰি বিজেপিক ভোট নিদিলে আঁচনি কাটি দিম বুলি ভাবুকি প্ৰদান কৰিছে ।" এই বিস্ফোৰক অভিযোগ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ ।
বৃহস্পতিবাৰে প্ৰাৰ্থীগৰাকীৰ ঘোৰামাৰাস্থিত বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে প্ৰাৰ্থীগৰাকীয়ে । সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে বিজেপিক ভোট দিলে ছাত্ৰ-ছাত্ৰীসকলক ১০ হাজাৰ টকাকৈ দিম বুলি প্ৰচাৰ চলাই আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাতো এই কথাসমূহো মুকলিভাৱে কৈ আছে বুলি তেওঁ অভিযোগ কৰে ।
মীৰা বৰঠাকুৰে সেয়ে নিৰ্বাচন আয়োগক এই বিষয়সমূহত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে বিজেপিয়ে মহিলাসকলক শপত গ্ৰহণ কৰোৱাইছে । বিজেপিক ভোট নিদিলে বুলডজাৰ চলাম, আঁচনি কাটি দিয়া হ'ব বুলি ভয়-ভাবুকি দিছে বুলিও তেওঁ অভিযোগ কৰে । মীৰা বৰঠাকুৰৰ মতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পলাশবাৰী, ছয়গাঁও, দিছপুৰ আদি স্থানত এনেধৰণৰ কাৰ্য চলি আছে । এই সম্পৰ্কে নিৰ্বাচন আয়োগক এখন পত্ৰ প্ৰেৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।
মীৰা বৰঠাকুৰে কয় যে পুৰুষ সমাজ, যুৱ সমাজ আৰু ব্যৱসায়ী সমাজে এইবাৰ সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোট দিব বুলি সিদ্ধান্ত লৈছে । কিন্তু মহিলাসমাজক ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে । সেয়ে মহিলাসকলক ভয় আৰু ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোট দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ দাবী কৰে যে বিজেপিয়ে সমষ্টিসমূহত যিমানে মন্ত্ৰী বা নেতা নমালেও সেইসকল অহংকাৰী নেতাক ৰাইজে প্ৰত্যাখ্যান কৰিছে । এইবাৰ যদি নৰেন্দ্ৰ মোদী শাসনলৈ আহে সাধাৰণ নাগৰিক কৰ্পোৰেট গোষ্ঠীৰ শ্ৰমিক হৈ যাব বুলিও তেওঁ দাবী কৰে ।
লগতে পঢ়ক :দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; তৎপৰ কাছাৰ জিলা প্ৰশাসন - Lok Sabha Elections 2024