কলিয়াবৰ, ১৩ এপ্ৰিল:সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটলৈ মুকলি সমৰ্থন আগবঢ়াইছে অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাই । কেইদিনমান পূৰ্বে আয়োজিত এখন সভাত অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ অন্তৰ্গত ৪২ খন বাগিচাই মুকলি সমৰ্থনৰ ঘোষণা কৰিছিল । অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ ৪২ খন চাহ বাগিচাই মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ সমৰ্থন জনোৱাৰ বিষয়ে শেহতীয়াকৈ কলিয়াবৰত হোৱা এক সভাত মন্ত্ৰী কেশৱ মহন্ত আৰু অসম চাহ মজদুৰ সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ উপস্থিতিত ঘোষণা কৰিছিল । ইয়াৰ পিচতেই সংঘই মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে ।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাৰ এই পদক্ষেপক আদৰণি জনাই কয়,"শেহতীয়াকৈ সংঘৰ নেতৃত্বৰ লগত হোৱা আলোচনাত এই লৈ এক ইতিবাচক বাৰ্তা লাভ কৰা হৈছিল । এই সমৰ্থনে সমাগত লোকসভা নিৰ্বাচনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ পৰা বিশেষ সঁহাৰিয়ে লাভান্বিত কৰিব মিত্ৰজোঁটক ।"
এই সন্দৰ্ভত বিধায়ক ৰূপেশ গোৱালাই কয়,"প্ৰত্যেকৰে ৰাজনৈতিক বিচাৰ-বিবেচনা আছে । শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ চাহ বাগিচাসমূহৰ উন্নয়নৰ যি এক নতুন ধাৰা অব্যাহত ৰাখিছে, সেই ধাৰাৰ প্ৰতি স্বাভাৱিকতে আকৰ্ষিত হৈ চাহ জনগোষ্ঠী । এতিয়া তাৰেই বহিঃপ্ৰকাশ ঘটিছে ।" আনহাতে,কংগ্ৰেছ দলে ঘোষণা কৰা পাঁচটা গেৰাণ্টিক গোৱালাই কটাক্ষ কৰি তেওঁ কয়," যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ গেৰাণ্টি ৰ'ল জানো ? দেশত মাত্ৰ মোদীৰ গেৰাণ্টিহে চলিব ।"