তিনিচুকীয়া, ১৭ মাৰ্চ :ইতিমধ্যে সকলোৰে জ্ঞাত যে ব’হাগ বিহুৰ পিচতই এইবাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । সকলো উৎকণ্ঠাৰ অৱসান ঘটাই দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হোৱাৰ কথা ঘোষণা কৰিছে ৷
অসমত অৱশ্যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । সেই অনুসৰি অহা ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ মুঠ সাতটা পৰ্যায়ৰ ভিতৰত প্ৰথম তিনিটা পৰ্যায়তে অসমত লোকসভা নিৰ্বাচন সমাপ্ত কৰিব নিৰ্বাচন আয়োগে ।
দেওবাৰে সমাগত লোকসভাৰ নিৰ্বাচনক লৈ তিনিচুকীয়া জিলা আয়ুক্তই সম্বোধন কৰে এক সংবাদমেল ৷ তেওঁ কয় যে তিনিচুকীয়া জিলা হৈছে ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টি অন্তৰ্গত ৷ তিনিচুকীয়া জিলাত ১৯ এপ্ৰিল প্ৰথম পৰ্যায়তেই হ’ব এই নিৰ্বাচন প্ৰক্ৰিয়া ।
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা প্ৰাৰ্থীসকলে ২০ মাৰ্চৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ৷ ২৭ মাৰ্চত এই মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ব ৷ ২৮ মাৰ্চত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আৰু ৩০ মাৰ্চলৈকে প্ৰাৰ্থীয়ে নিজৰ নাম উঠাই ল’ব পাৰিব বুলি কয় জিলা আয়ুক্ত স্বপ্নীল পালে ৷
১৯ এপ্ৰিলত নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত ৪ জুনত ভোট গণনা আৰম্ভ হ’ব ৷ তিনিচুকীয়া নিৰ্বাচনী জিলাত ৬৭৯ পুলিং ষ্টেচন আছে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ ডুমডুমা বিধানসভা সমষ্টিত ১৬১ পুলিং ষ্টেচন আছে ৷