গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী :অসমত কংগ্ৰেছৰ অতিকৈ বেয়া দিন চলিছে । কংগ্ৰেছৰ নেতা-কৰ্মীৰ কথা বাদেই এজনৰ পাচত আনজনকৈ কংগ্ৰেছ বিধায়কে আন দল তথা চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই দলটোক চৰম বিপৰ্যয়ৰ দিশলৈ ঠেলি দিছে । শেহতীয়াকৈ কংগ্ৰেছৰ দুজনকৈ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপি চৰকাৰলৈ মুকলি সমৰ্থন আগবঢ়োৱাৰ পাচতে আন কেইবাগৰাকী বিধায়কে ভৰি দাঙিছে আন দললৈ যোৱাৰ বাবে ।
বিধানসভা নিৰ্বাচনলৈ যথেষ্ট সময় থকাৰ পৰিপ্ৰেক্ষিতত বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে দল ত্যাগ কৰাৰ বিপৰীতে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ অভিনব পন্থা হাতত লৈছে । বিধানসভা নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছৰ এইসকল নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত ।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত কেইজন বিধায়ক থাকিব, সেয়া সময়হে ক'ব যদিও এইবাৰ বিজেপিৰ মিত্ৰদল অগপলৈ যোৱাৰ কথা সদৰী কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে । অৱশ্যে বিধায়ক আহমেদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেট পালেই অগপত যোগদান কৰিব বুলি ইতিমধ্যেই সদৰী কৰিছিল ।
ইফালে খবৰ অনুসৰি আন কেইবাজনো কংগ্ৰেছী বিধায়কে অগপত যোগদানৰ সম্ভাৱনা আছে । কিন্তু সদ্যহতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে স্পষ্টভাৱে অগপলৈ যোৱাৰ কথা সদৰী কৰিছে । হয়টো তেওঁ কোৱাৰ দৰেই মুখ্যমন্ত্ৰীৰ সেউজ সংকেট লাভ কৰাৰ বাবেই অগপত যোগদান কৰাৰ কথা সদৰী কৰিছে ।
বিধায়কগৰাকীয়ে সদৰী কৰা মতে নিৰ্বাচনৰ পূৰ্বে তেওঁ অগপত যোগদান কৰিব । বিধায়কগৰাকীৰ স্পষ্ট কথা যে তেওঁ আৰু কংগ্ৰেছ দলত নাথাকে । এ আই ইউ ডি এফলৈ নোযোৱাৰ প্ৰসংগত তেওঁ কয় যে তেওঁৰ বাবে অগপত যোগদানৰ কোনো বিকল্প নাই । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী হোৱাৰ তেওঁ আশা পুহি ৰাখিছে ।
উল্লেখ্য যে, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে বিজেপি মিত্ৰজোঁট চৰকাৰলৈ সমৰ্থন জনোৱাৰ পৰিপ্ৰেক্ষিততে দলৰ পৰা নিলম্বিত হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠ ছিদ্দিক আহমেদে বিজেপিত যোগদান কৰিব বুলিও চৰ্চা অব্যাহত আছে ।