অসম

assam

ETV Bharat / politics

ফণীভূষণ চৌধুৰীৰ প্ৰশংসাত পঞ্চমুখ মণিমাধৱ মহন্ত - lok sabha election 2024

Phani Bhusan Choudhury election campaign: বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে নিৰ্বাচনী প্ৰচাৰ অগপৰ ৰাজ্যিক সাধাৰণ সম্পাদক মণিমাধৱ মহন্তৰ ৷

AGP state general secretary Manimadhab Mahanta campaigns for alliance candidate Phani Bhusan Choudhury in Barpeta
নিৰ্বাচনী প্ৰচাৰ

By ETV Bharat Assamese Team

Published : May 2, 2024, 3:48 PM IST

মণিমাধৱ মহন্তৰ ভাষ্য

বৰপেটা, ২ মে’ :বৰপেটা সত্ৰৰ নহাটী বাটচ'ৰাৰ সন্মুখত পথসভাত অংশ লৈ মণিমাধৱ মহন্তৰ দাবী-এইবাৰ সংসদত অসম গণ পৰিষদৰ প্ৰতিনিধি থকাটো নিশ্চিত হৈছে ৷ মানুহৰ হৈ কথা কোৱা আৰু ৰাইজৰ হকে কাম কৰা ফণীভূষণ চৌধুৰীক এইবাৰ ৰাইজে বিজয়ী কৰি সংসদলৈ পঠাবই ৷

সমগ্ৰ অসমৰ বাবে ৰাজনৈতিক আদৰ্শ আৰু পিতামহ স্বৰূপ ফণীভূষণ চৌধুৰীক বিজয়ী কৰি ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী মোদী আৰু অগপৰ হাত শক্তিশালী কৰিব ৷

বৰপেটাত ফণীভূষণ চৌধুৰীক যোগ্য প্ৰাৰ্থী বুলি অভিহিত কৰি মহন্তই প্ৰাৰ্থীগৰাকীৰ গাত সকলো মানুহৰ সকলো ভাল গুণেই থকা বুলি মন্তব্য কৰে ৷ মণিমাধৱ মহন্তই ফণীভূষণ চৌধুৰীৰ বিষয়ে এক বিশেষ সূত্ৰও প্ৰকাশ কৰে ৷ সেইমতে-ফণীভূষণ চৌধুৰী হৈছে অগপ প্লাছ, বিজেপি প্লাছ, ইউ পি পি এল প্লাছ, কমিউনিষ্ট প্লাছ, কংগ্ৰেছ প্লাছ ইকুৱেল টু ফণীভূষণ চৌধুৰী ৷

অগপ নেতাগৰাকীয়ে নৰেন্দ্ৰ মোদী চৰকাৰে উন্নয়নৰ পৰা দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব আদি বিষয়ত সবল নেতৃত্ব দিয়াৰ লগতে দেশৰ পৰা স্বজন তোষণ আৰু দূনীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰকাশ কৰে ৷ ৩৭০ ধাৰা বাতিল কৰি কাশ্মীৰক ভূস্বৰ্গ হিচাপেই নহয়, কাশ্মীৰৰ নাগৰিকক প্ৰকৃত স্বাধীনতা দিবলৈ সক্ষম হৈছে ৷

নামনি অসমৰ পিতামহ স্বৰূপ ফণীভূষণ চৌধুৰীৰ ৫ টা ভাষাত দখল থকাৰ কথা উল্লেখ কৰি বিৰোধীয়ে ফণীভূষণ চৌধুৰীক লৈ অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰে ৷ ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, ধেমাজি জিলা অগপৰ সভাপতিকে ধৰি কেবাজনো নেতাৰ সৈতে মণিমাধৱ মহন্তই বৰপেটা চহৰত কেবাখনো সভাত অংশ লৈ ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায় ৷

লগতে পঢ়ক :বঙাইগাঁৱত ফণী ভূষণ চৌধুৰীৰ হৈ বিজেপি-অগপ দলৰ মেগা ৰোড শ্ব’ - Bongaigaon Ajp Bjp Road Show

ABOUT THE AUTHOR

...view details