অসম

assam

ETV Bharat / politics

ডিজিপি জি পি সিঙক সকীয়নি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ - Assam Bandh Loss Compensation

GP Singh X Post: বিগত সময়ত বিজেপিয়ে কেতিয়া কেতিয়া বন্ধৰ আহ্বান জনাইছিল তাৰ হিচাপ দিলে লুৰীণজ্যোতি গগৈয়ে ৷ ডিজিপিয়ে অন্ধভক্ত হৈ ‘X’ত পোষ্ট দিয়া বুলি মন্তব্য কৰিছে অজাপৰ সভাপতিগৰাকীয়ে ৷

GP Singh X Post
ডিজিপি জিপি সিঙক সকিয়নী লুৰীণজ্যোতি গগৈৰ

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:13 PM IST

Updated : Feb 29, 2024, 7:56 PM IST

ডিজিপি জিপি সিঙক সকিয়নী লুৰীণজ্যোতি গগৈৰ

গুৱাহাটী,২৯ ফেব্ৰুৱাৰীঃ 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা অসমৰ সংগ্ৰামী জনগণক ভয়-ভাবুকি প্ৰদানৰ কৌশল ৰচনা কৰা হৈছে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধানক ব্যৱহাৰ কৰিছে । এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে জনসাধাৰণৰ 'কা' বিৰোধী শক্তিশালী ভূমিকাক ভয়-ভাবুকিৰে প্ৰতিহত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ যোগেদি চিন্তা-চৰ্চা কৰিছে । উল্লেখ্য যে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এটা বিশেষ ‘X’ পোষ্ট কৰে ।

অসম বন্ধ দিয়াসকলৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধানে কৰা টুইটটোত অসম বন্ধ দিয়াসকলে ১৬৪৩ কোটি টকা ক্ষতিপূৰণ দিব লাগিব বুলি সতৰ্কবাণী শুনোৱা হৈছিল । যাক লৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে আৰক্ষী সঞ্চালক প্ৰধানৰ উক্ত পোষ্টটোৰ লগত মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক ভয়-ভাবুকি প্ৰদানৰ কথাটো জড়িত হৈ আছে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৰাইজৰ সেৱকহে বুলি মন্তব্য কৰি বিজেপিৰ ৰাজনৈতিক এজেণ্ডা পূৰণ কৰা এজেণ্ট নাইবা ঢাল হিচাপে ব্যৱহৃত নহ'বলৈ আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ।

আৰক্ষী সঞ্চালক প্ৰধানক সকিয়নী প্ৰদান কৰি তেওঁ সীমাৰেখা অতিক্ৰম নকৰাৰ বাবে আহ্বান জনায় । নিজৰ সীমাৰেখা ৰক্ষা কৰি ৰাজহুৱা বক্তব্য ৰখাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক সকিয়নী প্ৰদান কৰি তেওঁ কয় যে দেশত আইনৰ শাসন আছে আৰু আইন-আদালতৰ দোহাই দি ভয়-ভাবুকি প্ৰদান নকৰিব ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যাহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে কিছুদিন পূৰ্বে দিয়া অৰ্ধছুটিৰ বাবে হোৱা ৮২১.৫ কোটি টকাৰ ক্ষতিপূৰণ বিজেপিৰ পৰা সংগ্ৰহ কৰাৰ সাহস দেখুওৱাক । সেই অৰ্ধছুটি একমাত্ৰ বিজেপিৰ ৰাজনৈতিক এজেণ্ডা পূৰণৰ বাবে দিয়া হৈছিল বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ।

কেৱল নামৰ বাবে 'অন্ধভক্ত' হৈ ‘X’ত পোষ্ট দিয়া সদৰী কৰি তেওঁ কয় যে আৰক্ষী সঞ্চালক প্ৰধানে হয়তো নাজানে যে ২০১২ চনৰ ২০ ছেপ্তেম্বৰত বিজেপিয়ে ভাৰত বন্ধ দিছিল । ২০১০ চনৰ ৫ জুলাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এন ডি এই ভাৰত বন্ধ দিছিল । আনহাতে চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত দিল্লী বন্ধ বিজেপিয়ে ঘোষণা কৰিছিল । এইবোৰৰ ক্ষেত্ৰত ডিজিপিৰ ভূমিকা কি হ'ব বুলি তেওঁ প্ৰশ্ন কৰে ।

লুৰীণজ্যোতি গগৈ লগতে কয় যে 'কা'ৰ বিৰুদ্ধে পূৰ্বতে বিভিন্ন দল-সংগঠনে দিয়া বন্ধৰ প্ৰতি বিজেপিৰ মিত্ৰদল অগপই সমৰ্থন জনাইছিল । সেইদৰে বিভিন্ন সময়ত আছুৱে জনোৱা বন্ধৰ প্ৰতি বিজেপিয়ে সমৰ্থন জনাইছিল । তেনেস্থলত সেই বন্ধৰ সমৰ্থন কৰা বিজেপিৰ পৰা ক্ষতিপূৰণ সংগ্ৰহ কৰা হৈছিল নে নাই বুলি তেওঁ ডিজিপিৰ প্ৰতি প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে অসমৰ ভৱিষ্যত অন্ধকাৰ কৰিব বিচৰা এখন আইনৰ বিৰুদ্ধে অসমৰ ৰাইজে আন্দোলন নকৰিব নেকি? অন্যায়ৰ বিৰুদ্ধে কৰিব খোজা জনতাৰ গণতান্ত্ৰিক সংগ্ৰামখনৰ ক্ষেত্ৰত জৰিমনাৰ ভয়-ভাবুকি প্ৰদান নকৰিবৰ বাবে তেওঁ ডিজিপিক সকিয়াই দিয়ে ।

লগতে পঢ়ক:আন্দোলনকাৰীক সকীয়নি দিয়া ডিজিপি কোন‌ বুলি প্ৰশ্ন অখিল গগৈৰ

Last Updated : Feb 29, 2024, 7:56 PM IST

ABOUT THE AUTHOR

...view details