অসম

assam

ETV Bharat / politics

কংগ্ৰেছ বিৰোধী একতা বুজি নোপোৱাৰ বাবেই উপ-নিৰ্বাচনৰ ফলাফল এনেকুৱা হৈছে : লুৰীণজ্যোতি গগৈ - ASSEMBLY ELECTIONS RESULTS 2024

উপ-নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ । পাকে প্ৰকাৰে কংগ্ৰেছকে দোষাৰোপ কৰিলে অজাপৰ সভাপতিগৰাকীয়ে ।

Lurinjyoti Gogoi reacts on Assam by-election results 2024
উপ-নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 9:00 AM IST

ডিব্ৰুগড়:ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল । শাসকীয় দল বিজেপি মিত্ৰজোঁটে ৰাজ্যত অনুষ্ঠিত হোৱা পাঁচ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয় । বিহালী আৰু পুৰ্বে কংগ্ৰেছ দলৰ দখলত থকা চামগুৰিত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পাছতো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয় । বিজেপি মিত্ৰজোঁটৰ সফলতাৰ পাছতে বিজেপিয়ে অনুষ্ঠিত কৰিছে বিজয় উৎসৱ ।

ৰাজ্যত পুনৰ বিৰোধী দলসমূহ বিপৰ্যস্ত হোৱাৰ মূল কাৰণেই এতিয়া বিৰোধী দলসমূহ একত্ৰিত নোহোৱা বুলি দাবী কৰিছে সকলোৱে । কিয়নো বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্য মঞ্চ ৰাজ্যত গঢ়ি উঠিছিল যদিও প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বাবে উপ-নিৰ্বাচনত বিৰোধীয়ে এক হৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে ।

উপ-নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ (ETV Bharat Assam)

ইয়াৰ পাছতে ডিব্ৰুগড়ৰ নামৰূপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ পাঁচ সমষ্টিত বিজেপিৰ সহজ জয়ৰ বাবে কংগ্ৰেছকে দোষাৰোপ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

উপ-নিৰ্বাচনৰ ফলাফলক লৈ কি কয় লুৰীণজ্যোতি গগৈয়ে :

উপ-নিৰ্বাচনত কংগ্ৰেছ তথা আন আন দলসলমূহে বেয়াকৈ মুখ ঠেকেছা খোৱাৰ পিছতে নামৰূপত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, "ৰাজ্যৰ পাঁচ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰিছে । আমি আগৰ পৰাই কৈ আহিছিলো বিজেপিৰ দৰে শক্তিশালী দলটোক পৰাভূত কৰিবলৈ হ'লে সকলো বিৰোধী একত্ৰিত হ'ব লাগিব । একত্ৰিতভাৱে যুজঁ দিলেহে বিজেপিৰ বিৰুদ্ধে জয়লাভ কৰাৰ সম্ভাৱনা বেছি ।"

তেওঁ লগতে কয়, "উপ-নিৰ্বাচনৰ শেষ মুহূৰ্তলৈকে আমি একত্ৰিত হৈ থকাৰ বাবে চেষ্টা কৰিছিলো । কিন্তু কংগ্ৰেছে বিৰোধীৰ একতাৰ কথা বুজি নোপোৱাৰ বাবেই এনে পৰিৱেশ হৈছে । চামগুৰিত কংগ্ৰেছৰ বেয়া ফলৰ মূল কাৰণেই হ'ল একতা হ'ব নোৱাৰিলো । গৌৰৱ গগৈয়ে বিহালীত ব্যস্ত থকা বাবে চামগুৰিত নিজৰ শক্তি দেখুৱাব নোৱাৰিলে । বিৰোধী একত্রিত হৈ বিজেপিৰ বিৰুদ্ধে ৰণ কৌশল প্ৰস্তুত কৰিলেহে বিজেপিক পৰাজিত কৰা সম্ভৱ ।"

ইয়াৰোপৰি গগৈয়ে কয়,"বিহালীত বিৰোধীৰ ভোট বিভাজনৰ বাবে বিজেপিয়ে জয়লাভ কৰিলে । বিৰোধীৰ একতা কিয় ধৰি ৰাখিব নোৱাৰিলে সেইটো মৌলিক কথা । উপ- নিৰ্বাচনত পাঁচ সমষ্টিত জয় লাভ কৰিলেও কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে । কিন্তু বিৰোধীৰ একতাৰ যি ভেঁটি আমি পঢ়িছিলো তাক জীয়াই ৰখাৰ দৰকাৰ আছিল । কাৰ ভুলৰ বাবে বিৰোধী এক হ'ব নোৱাৰা পৰিৱেশ হ'ল সকলোৱে দেখিছে ।"

লগতে পঢ়ক:খং-অভিমান সামৰি পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিব নেকি অসম জাতীয় পৰিষদে ?

বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি কটাক্ষ লুৰীণজ্যোতিৰ

ABOUT THE AUTHOR

...view details