গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত । সমষ্টিয়ে সমষ্টিয়ে এতিয়া ব্যাপক তৎপৰতা ৰাজনৈতিক দলসমূহৰ । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ লগতে কৰিমগঞ্জ সমষ্টিটো নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কৰিমগঞ্জ লোকসভা সমষ্টিৰো যথেষ্ট সালসলনি হৈছে ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনত ছটা বিধানসভা সমষ্টি ৰখা হৈছে । সেই বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে হাইলাকান্দি, আলগাপুৰ-কাটলিচেৰা, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ(এছ চি)।
শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি কৰিমগঞ্জ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩,৯৫,০৯৩ গৰাকী । ইয়াৰে ৭,১৫,৪৭৯ জন পুৰুষ আৰু ৬,৭৯,৬০১ গৰাকী মহিলা ভোটাৰ আৰু ১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সম্প্ৰতি প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰ কৰিমগঞ্জত কোনে মাৰিব শেষ হাঁহি । ত্ৰিকোণীয়াৰ পৰা চাৰিকোণীয়া হ’ব পাৰে কৰিমগঞ্জৰ যুঁজ ।
উল্লেখ্য যে, দীঘলীয়া সময় কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত বৰ্তমান নিশকটীয়া হোৱাৰ দিশে কংগ্ৰেছ দল । কাৰণ কৰিমগঞ্জৰ দুই কংগ্ৰেছী বিধায়ক বৰ্তমান বিজেপি চৰকাৰৰ ছত্ৰছায়াত । কংগ্ৰেছৰ দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদে বিজেপিৰ পক্ষ লোৱাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ দুৰ্বল হোৱাটো নিশ্চিত ।
ধর্মীয় সংখ্যালঘু বসতিপ্ৰধান সমষ্টি কৰিমগঞ্জত জ্যেষ্ঠ আইনজীৱি হাফিজ ৰছিদ আহমদ চৌধুৰীৰ উপৰি যুৱনেতা জুবেৰ আনমেও প্ৰাৰ্থিত্ব বিচাৰিছে । এই দুয়োগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশীক লৈ বৰ্তমান মীমাংসাত উপনীত হ’ব পৰা নাই কংগ্ৰেছ নেতৃত্ব ।
লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰতালৈ সমৰ্থন পিএলপিৰ
ইফালে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ দল তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে । লক্ষণীয় বিষয় যে বিৰোধী ঐক্য মঞ্চত থাকিলেও অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কেতবোৰ সমষ্টিত কৌশলপূৰ্ণভাৱে অৱতীৰ্ণ হোৱাৰ কথা ইতিমধ্যে সদৰী কৰিছে । এনে প্ৰেক্ষাপটত সমষ্টিটোত তিনিকোণীয়া নাইবা চাৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে সমষ্টিটোৰ যুঁজ প্ৰাৰ্থীৰ তালিকাই বহুখিনি নিৰ্ভৰ কৰিব ।
উল্লেখ্য যে, সমষ্টিটোত সংখ্যালঘু ভোটাৰৰ হাৰ হৈছে ৬২ শতাংশ । ইফালে ২০১৪ ৰ নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিটো এ আই ইউ ডি এফৰ দখলত আছিল । ইতিমধ্যে দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে প্ৰৱক্তা বাহাৰুল ইছলামৰ নামটো চিন্তা-চৰ্চা কৰিছে । সকলো ঠিকে থাকিলে কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব বাহাৰুল ইছলাম ।
সংখ্যালঘু প্ৰধান সমষ্টিটোত সংখ্যালঘু ভোট বিভাজন হ'লে সহায় হ'ব বিজেপিৰ । যিটো বিজেপিয়েও বিচাৰে । সমষ্টিটোৰ ৩৮ শতাংশ লোক হিন্দু ৷ তেনে সময়ত হিন্দু লোকৰ ভোট একত্ৰিত কৰি বিজেপিয়ে জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
২০১৯ চনৰ নিৰ্বাচনত কৰিমগঞ্জ সমষ্টি :
দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখলত থকা কৰিমগঞ্জ সমষ্টিটো ২০১৯ ৰ নিৰ্বাচনত পুনৰ বাৰৰ বাবে বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু সমষ্টিটোৰ বৰ্তমানৰ সাংসদ হৈছে কৃপানাথ মাল্লা । লক্ষণীয় বিষয় যে ২০১৯ ৰ নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন হোৱাৰ বাবেই বিজেপিৰ জয় সম্ভৱ হৈছিল ।
২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ কৃপানাথ মাল্লাই ৪,৭৩,০৪৬ টা (৪৪.৬২ শতাংশ) ভোট লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাসে ৪,৩৪,৬৫৭ টা (৪১ শতাংশ) ভোট আৰু কংগ্ৰেছৰ স্বৰূপ দাসে ১,২০,৪৫২ টা (১১.৩৬ শতাংশ) ভোট লাভ কৰিছিল ।
লগতে পঢ়ক :দিল্লী-গোৱা-গুজৰাট-হাৰিয়ানাত কংগ্ৰেছ আৰু আপৰ মিত্ৰতা: ফৰ্মূলা সাজু
বিগত নিৰ্বাচনত সমষ্টিটোৰ সংখ্যালঘু ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বিভাজন হোৱাৰ বাবেই বিজেপিৰ জয় সম্ভৱ হৈছিল । অন্যথা বিজেপিৰ বাবে জয় অসম্ভৱ আছিল । কৰিমগঞ্জ সমষ্টিত ১৯৬২ চনৰ পৰা ১৯৮৪ চনলৈ পাঁচবাৰলৈ একেৰাহে প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ নিহাৰ ৰঞ্জন লস্কৰে ।