ETV Bharat / bharat

এগৰাকী বিশেষ ব্যক্তিক আজি কুৱেইটত সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; কি বিশেষত্ব তেওঁৰ ? - PM MODI KUWAIT VISIT

তেওঁ ইৰাক, কুৱেইট, চীন, আৰ্জেণ্টিনা, ব্ৰিটেইন আৰু কম্বোডিয়াত সেৱা আগবঢ়াইছে । প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে তেওঁক কুৱেইটত সাক্ষাৎ কৰিব ।

PM Modi Kuwait visit
প্ৰধানমন্ত্ৰীৰ কুৱেইট ভ্ৰমণ (ANI/X)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নতুন দিল্লী : দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৌদি আৰব ভ্ৰমণ । উপসাগৰীয় দেশখনলৈ তেওঁৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ত কুৱেইটত এগৰাকী ১০১ বছৰীয়া প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়াক সাক্ষাৎ কৰিব ।

এই সাক্ষাতৰ কথা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ X পোষ্টত নিশ্চিত কৰিছে । তেওঁ লিখিছে যে আই এফ এছৰ প্ৰাক্তন বিষয়া মংগল সেইন হাণ্ডাৰ নাতিনীয়ে কৰা অনুৰোধৰ প্ৰতি তেওঁ সঁহাৰি জনাইছে ।

"মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিনম্ৰ অনুৰোধ, প্ৰবাসী ভাৰতীয়সকলৰ সৈতে টি এম আৰ ডব্লিউৰ বাৰ্তালাপৰ সময়ত কুৱেইটত মোৰ নানাজী, ১০১ বছৰীয়া প্ৰাক্তন আই এফ এছ বিষয়াগৰাকীক সাক্ষাৎ কৰিব । নানা মংগল সেইন হাণ্ডা আপোনাৰ এগৰাকী ভাল প্ৰশংসক । আপোনাৰ কাৰ্যালয়লৈ তেওঁৰ বিষয়ে ই-মেইল কৰা হৈছে ।" নাতিনী শ্ৰেয়া জুনেজাই X পোষ্টত লিখিছে ।

আনহাতে, ইয়াৰ সঁহাৰি দি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ উত্তৰত লিখিছে : "নিশ্চয় ! মই আজি কুৱেইটত মংগল সেইন হাণ্ডাজীক লগ কৰিবলৈ বাট চাই আছোঁ ।"

উল্লেখ্য যে হাণ্ডাৰ X প্ৰফাইলত উল্লেখ কৰা অনুসৰি, তেওঁ ইৰাক, কুৱেইট, চীন, আৰ্জেণ্টিনা, ব্ৰিটেইন আৰু কম্বোডিয়াত সেৱা আগবঢ়াইছে ।

অংশীদাৰিত্বৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ সুযোগ

ভাৰতৰ পৰা চৌদি আৰবলৈ উৰা মৰাৰ পূৰ্বে দিয়া বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু কুৱেইটে পশ্চিম এছিয়াত শান্তি, নিৰাপত্তা আৰু স্থিৰতাৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিছে । উল্লেখ্য যে ৪৩ বছৰৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হৈছে প্ৰথম কুৱেইট ভ্ৰমণ । আনহাতে, ছিৰিয়াত বাছাৰ আল-আছাদৰ শাসনৰ পতনৰ দুসপ্তাহ পিছত আৰু গাজাত ইজৰাইল আৰু হামাছৰ মাজত সম্ভাৱ্য যুদ্ধবিৰতি চুক্তিৰ সম্ভাৱনাৰ মাজতে মোদীৰ এই ভ্ৰমণসূচী । ১৯৮১ চনত কুৱেইট ভ্ৰমণ কৰা অন্তিমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী ।

মোদীয়ে কয় যে কুৱেইটৰ শীৰ্ষ নেতৃত্বৰ সৈতে তেওঁৰ আলোচনা ভাৰত আৰু কুৱেইটৰ মাজত ভৱিষ্যতৰ অংশীদাৰিত্বৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰাৰ সুযোগ হ'ব । "আমি কুৱেইটৰ সৈতে ঐতিহাসিক সম্পৰ্কক গভীৰ মূল্য প্ৰদান কৰোঁ, যিটো প্ৰজন্ম ধৰি চলি আহিছে । আমি কেৱল শক্তিশালী বাণিজ্য আৰু শক্তিৰ অংশীদাৰেই নহয়, পশ্চিম এছিয়া অঞ্চলত শান্তি, নিৰাপত্তা, স্থিৰতা আৰু সমৃদ্ধিৰ প্ৰতিও আগ্ৰহী ।" তেওঁ কয় ।

প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ আমিৰ শ্বেখ মেছাল আল-আহমাদ আল-জাবেৰ আল-ছাবাহৰ আমন্ত্ৰণত কুৱেইট ভ্ৰমণ কৰিছে ।

মোদীয়ে কুৱেইটত দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰাত অৰিহণা যোগোৱা প্ৰবাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব । কুৱেইটত তেওঁৰ ব্যস্ত কাৰ্যসূচীৰ ভিতৰত আছে ভাৰতীয় শ্ৰমিক শিবিৰ ভ্ৰমণ, ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপ আৰু গাল্ফ কাপ ফুটবল টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান ।

ভাৰত হৈছে কুৱেইটৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ

শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ উপসাগৰীয় ৰাষ্ট্ৰখন ভ্ৰমণৰ সময়ত ভাৰত আৰু কুৱেইটে প্ৰতিৰক্ষা আৰু বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব বুলি আশা কৰা হৈছে । চৰকাৰী বিবৃতি মতে, দ্বিপাক্ষিক বিনিয়োগ চুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা চুক্তিৰ ওপৰত কুৱেইটৰ সৈতে আলোচনা চলি আছে ।

কুৱেইটৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰসকলৰ ভিতৰত ভাৰত আছে । ভাৰতীয় সম্প্ৰদায় হৈছে কুৱেইটৰ সৰ্ববৃহৎ প্ৰবাসী সম্প্ৰদায় । উপসাগৰীয় ৰাষ্ট্ৰখন ভাৰতৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰসকলৰ ভিতৰত আছে আৰু ২০২৩-২৪ বৰ্ষত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ হৈছে ১০.৪৭ বিলিয়ন আমেৰিকান ডলাৰ । কুৱেইট হৈছে ভাৰতৰ ষষ্ঠ সৰ্ববৃহৎ খাৰুৱা তেল যোগানকৰ্তা, যিয়ে দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ 3 শতাংশ পূৰণ কৰে । ২০২৩-২৪ বৰ্ষত কুৱেইটলৈ ভাৰতীয় ৰপ্তানি প্ৰথমবাৰৰ বাবে ২ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল । আনহাতে, ভাৰতত কুৱেইট বিনিয়োগ কৰ্তৃপক্ষৰ বিনিয়োগে ১০ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰে ।

লগতে পঢ়ক :বাংলাদেশ-পাকিস্তানত কিমান হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে ? কেন্দ্ৰই দিলে তথ্য - VIOLENCE AGAINST HINDUS
লগতে পঢ়ক :বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি জি এছ টি পৰিষদৰ বৈঠক - 55TH GST COUNCIL MEETING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.