নেশ্যনেল ডেস্ক,৪ জুন :হিমাচল প্ৰদেশৰ মাণ্ডিত বৃহৎ জয় কংগনা ৰণৌতৰ । কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে কংগনাই ৭২,০৮৮ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে । বিজয় নিশ্চিত হোৱাৰ পিচতে অভিনেত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী কংগনাই সামাজিক মাধ্যমৰ জৰিয়তে সমষ্টিটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে । কংগনাই ইনষ্টাগ্ৰামত হিন্দীত কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "এই মৰম আৰু বিশ্বাসৰ 🙏🏻 বাবে মাণ্ডিৰ সকলো লোকক আন্তৰিক ধন্যবাদ । এই বিজয় সকলোৰে, ই নৰেন্দ্ৰ মোদী আৰু বিজেপিক বিশ্বাস কৰাৰ জয়, ই সনাতনৰ জয়, ই মাণ্ডিৰ সন্মানৰ জয় ।"
সংবাদমেল সম্বোধন কৰি ৰণৌতে কয় যে তেওঁ নৰেন্দ্ৰ মোদীৰ নামত এই নিৰ্বাচনত যুঁজিছিল । এয়া তেওঁৰ বিশ্বাসযোগ্যতা আৰু তেওঁৰ গ্যেৰাণ্টি আৰু তেওঁৰ ওপৰত থকা লোকসকলৰ বিশ্বাস । যাৰ বাবে বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি তেওঁ উল্লেখ কৰে ।
আনহাতে কংগনাই বিৰোধীকো লক্ষ্য কৰি লয় আৰু মাণ্ডিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিচতে তেওঁৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে এগৰাকী মহিলাৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পৰিণাম ভুগিব লাগিব । সেয়া আজি তেওঁ লাভ কৰা বিজয়ৰ সৈতে স্পষ্ট হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে ।