নেশ্যনেল ডেস্ক,১২ এপ্ৰিল :ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । এক জাননী যোগে নিৰ্বাচন আয়োগে কয় যে লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী পেনেলে আগন্তুক নিৰ্বাচনত বৃদ্ধ আৰু বিকলাংগ বা বিশেষভাৱে সক্ষম ব্যক্তিসকলক গৃহ ভোটদানৰ সুবিধা প্ৰদান কৰিছে ।
বিবৃতিত কয় য়ে ৮৫ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু ৪০ শতাংশ বেঞ্চমাৰ্কৰ অক্ষমতা থকা ব্যক্তিসকলে বৈকল্পিক গৃহ ভোটদানৰ সুবিধা লাভ কৰিব পাৰিব । এই শ্ৰেণীৰ ভোটাৰসকলে ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটদান আৰম্ভ কৰিছে বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে । সমগ্ৰ দেশত ৮১ লাখ ৮৫ বছৰ উৰ্ধৰ ভোটাৰ আছে আৰু ৯০ লাখ বিশেষভাৱে সক্ষম ভোটাৰ পঞ্জীভুক্ত আছে ।
নিৰ্বাচন আয়োগৰ মতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলক গৃহ ভোটদানৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ প্ৰতি আয়োগৰ চিন্তা আৰু সন্মানৰ অভিব্যক্তি প্ৰকাশ কৰাৰ লগতে ই সমাজৰ বাবে দৈনন্দিন জীৱনত ইয়াক গ্ৰহণ কৰাৰ এক উদাহৰণ হিচাপে দেখা যাব বুলি আয়োগে উল্লেখ কৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গৃহ ভোটদানৰ সুবিধা লাভ কৰা ভোটাৰসকলে নিৰ্বাচন আয়োগৰ এই ব্যৱস্থাৰ কৃতজ্ঞতা জনোৱাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰিছে ।