গুৱাহাটী, 7 এপ্ৰিল :পত্ৰ লিখাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজিৰাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি বিৰোধী দলপতিয়ে দিয়া পত্ৰৰ প্ৰসংগত কটাক্ষ কৰি মন্তব্য কৰিছিল ৷ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে পত্ৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনসভাত অতি অশালীন মন্তব্য কৰিলে ৷ মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধিক সমালোচনা কৰিবলৈ গৈ যুক্তিৰ বিৰপীতে যি টুলুঙা মন্তব্য কৰিলে সেয়া গণতন্ত্ৰৰ বাবে ভাবুকি ৷ টুলুঙা মন্তব্যৰে সমালোচনা কৰিলেও মুখ্যমন্ত্ৰীলৈ আগন্তুক দিনটো পত্ৰ লিখিব বুলি বুলি সদৰী কৰি দেবব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ বিচাৰিলে নিদিয়ে যেতিয়া পত্ৰ লিখি হ'লেও নিজৰ দায়িত্ব পালন কৰিব তেওঁ৷
মুখ্যমন্ত্ৰীলৈ শেহতীয়াকৈ প্ৰেৰণ কৰা দহখন পত্ৰৰ বিষয়বস্তু সন্দৰ্ভত তেওঁ উল্লেখ কৰে ৷ 2023 চনৰ 1 মাৰ্চত দিয়া পত্ৰখনত শিলসাঁকো বিলৰ খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদৰ প্ৰসংগত ন্যাৰ্যতা প্ৰদানৰ দাবী উত্থাপন কৰা হৈছিল ৷ সেইদৰে 2023 চনৰ 29 এপ্ৰিলত দিয়া পত্ৰখনত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত হোৱা খেলিমেলিৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ বিগত বৰ্ষৰ 19 মে'ত দিয়া পত্ৰখনত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত দাবী কৰা হৈছিল ৷ আনহাতে বজৰং দলৰ ৰাজপথত মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰাৰ প্ৰসংগত দোষীৰ শাস্তিৰ দাবী কৰি বিগত বৰ্ষৰ 31 জুলাইত এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷ সেইদৰে মেডিকেলৰ আসন এন আৰ আইৰ বাবে সংৰক্ষিত কৰা তথা বিক্ৰী কৰাৰ প্ৰসংগত প্ৰতিবাদ জনাই পত্ৰ দিয়া হৈছিল ৷ এনেদৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰসমূহক লৈ যদি মুখ্যমন্ত্ৰীয়ে বেয়া পাইছে তেন্তে তাত কৰিবলগীয়া একো নাই বুলি তেওঁ কয় ৷