ETV Bharat / politics

ঝাৰখণ্ডত বিজেপি জিকিব বুলি কেতিয়াও দাবী কৰা নাছিলোঁ: হিমন্ত বিশ্ব শৰ্মা - ASSAM CM ON BJPS DEFEAT

ঝাৰখণ্ডত বিজেপিৰ পৰাজয় সন্দৰ্ভত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ঝাৰখণ্ড চৰকাৰক আহ্বান ড৹ শৰ্মাৰ ৷

JHARKHAND POLLS
Assam CM on BJPs defeat (IANS)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 9:55 PM IST

গুৱাহাটী: ঝাৰখণ্ডৰ নিৰ্বাচনত বিজেপি মুখ থেকেচা খোৱাৰ এদিন পাছতে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূবৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনত বিজেপি দলটো জয়ী হ’ব বুলি কেতিয়াও দাবী কৰা নাছিল । হেমন্ত ছ’ৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাই নেতৃত্বাধীন মিত্ৰজোঁটে ঝাৰখণ্ডত একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰি ৮১ খন আসনৰ ভিতৰত ৫৬ খন আসন লাভ কৰে ৷ বিজেপি নেতৃত্বাধীন এনডিএই মাত্ৰ ২৪ খন আসন পৰিচালনা কৰিছিল । ঝাৰখণ্ড নিৰ্বাচনৰ বাবে বিজেপিৰ সহ-প্ৰভাৰী আছিল হিমন্ত বিশ্ব শৰ্মা ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে পূবৰ ৰাজ্যখনৰ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়নৰ সাংবিধানিক কৰ্তব্য পালন কৰাটো জৰুৰী বুলি গুৰুত্ব আৰোপ কৰে ।

গুৱাহাটীত সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়, "যেতিয়াই আপোনালোকে (সংবাদ মাধ্যমে) মোক ঝাৰখণ্ডৰ বিষয়ে সুধিছিল, তেতিয়াই মই কৈছিলোঁ যে ই এক জটিল ৰাজ্য । মই কেতিয়াও দাবী কৰা নাছিলো যে আমি জয়ী হ'ম । আমাৰ দলৰ বাবে যুঁজ দিয়াটো কঠিন কাম আছিল । তাত কিন্তু আমি নিৰ্দিষ্ট পৰিস্থিতিত ভাল কাম কৰিলোঁ ।"

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ হৈ প্ৰচাৰৰ বাবে কাৰ্যতঃ ঝাৰখণ্ডত শিবিৰ পাতিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ অনুপ্ৰৱেশকাৰীয়ে পূবৰ ৰাজ্যখনৰ বাবে ভাবুকি কঢ়িয়াই আনিছে বুলি দাবী কৰা শৰ্মাই চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কাম কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে ৷ "অনুপ্ৰৱেশৰ বিৰুদ্ধে কাম কৰাটো চৰকাৰৰ সাংবিধানিক কৰ্তব্য । তেওঁলোকে কিমান কৰিব সেয়া মোৰ বাবে পূৰ্ববিচাৰ কৰাটো উচিত নহ'ব । অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই আৰু এই বিষয়ত কোনো মন্তব্য নকৰো । মই যি ক'লোঁ দলৰ সহ-ভাৰত হিচাপে তাত থকাৰ সময়ত কৰিবলগীয়া হৈছিল ।’’ বিজেপি নেতাগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে অনুপ্ৰৱেশৰ বিষয়টোত কোনো চৰকাৰে আপোচ কৰা উচিত নহয়, কাৰণ ইয়াৰ শেষ ফলাফল হ’ব জনগাঁথনিগত পৰিৱৰ্তন, যিয়ে সকলোকে প্ৰভাৱিত কৰিব। শনিবাৰে নিশা ফেচবুক লাইভত শৰ্মাই ঝাৰখণ্ডত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰা বুলি উল্লেখ কৰি বিজেপিৰ নিৰ্বাচিত বিধায়কসকলক বিধানসভাত এই বিষয়ে উত্থাপন কৰিবলৈ আহ্বান জনায় ।

"মই আজিও বিশ্বাস কৰোঁ যে অনুপ্ৰৱেশৰ সমস্যাই অনাগত দিনত ঝাৰখণ্ডৰ বহু ক্ষতি কৰিব । এইখন আপোনাৰ (জেএমএম) চৰকাৰ আৰু মই আপোনালোকক আহ্বান জনাইছো যে এই অনুপ্ৰৱেশকাৰীসকলক ওভতাই পঠাওক বা অন্ততঃ চিনাক্ত কৰক । ই আপোনাৰ সাংবিধানিক কৰ্তব্য ।’’ ড৹ শমাই কয় ৷ তেওঁ লগতে কয় যে ঝাৰখণ্ড চৰকাৰে এই দায়িত্ব পালন কৰিব বুলি মোৰ বিশ্বাস ।

লগতে নিৰ্বাচিত বিজেপি প্ৰাৰ্থীসকলক বিৰোধী হিচাপে কৰ্তব্য পালন কৰি বিধানসভাত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনায় শৰ্মাই । ঝাৰখণ্ডত বিজেপিৰ পৰাজয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যি কাৰণতেই নহওক কিয়, আমি আমাৰ লক্ষ্যত উপনীত হ'ব পৰা নাছিলো । তাৰ অৰ্থ এইটো নহয় যে আমি চেষ্টা কৰি থাকিব নালাগে । আমি যেতিয়াই কোনো কামত অসফল হওঁ, তেতিয়াই বিফল প্ৰচেষ্টাই ভৱিষ্যতৰ সফলতাৰ বাবে ভেটি হিচাপে কাম কৰে ।’’

যোৱা চাৰিমাহত ঝাৰখণ্ডত থকা সময়ছোৱাৰ কথা স্মৰণ কৰি তেওঁ কয়, ‘‘মই ৰাজ্যখনত বহু সময় কটালোঁ যদিও আমাৰ অভিযানত সফল হ'ব নোৱাৰিলোঁ । কিন্তু, আপোনালোকৰ মৰম সদায় মনত ৰাখিম । সকলো মৰম আৰু সহায়ৰ বাবে মই কৃতজ্ঞ ।’’

লগতে পঢ়ক: ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলে দুখ দিছে ড৹ শৰ্মাক

বিফলতা অহা দিনৰ সফলতাৰ বুনিয়াদ : কি প্ৰসংগত ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.