ETV Bharat / bharat

সম্ভল হিংসা : উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী প্ৰিয়ংকা গান্ধীৰ - SAMBHAL VIOLENCE

সম্ভলৰ হিংসাত্মক পৰিস্থিতিক লৈ বিৰোধীৰ প্ৰতিক্ৰিয়া । যোগী চৰকাৰক দোষাৰোপ প্ৰিয়ংকা গান্ধীৰ ।

Sambhal Violence
সম্ভল হিংসা:উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী প্ৰিয়ংকা গান্ধীৰ (ANI)
author img

By PTI

Published : Nov 25, 2024, 1:27 PM IST

নতুন দিল্লী : উত্তৰ প্ৰদেশৰ সম্ভলৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । উত্তৰ প্ৰদেশ চৰকাৰে বিভাজন সৃষ্টি কৰাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ । ইফালে বিষয়টোত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰো দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

  • যোগী চৰকাৰক সমালোচনা কংগ্ৰেছৰ

X ৰ এটা পোষ্টত প্ৰিয়ংকা গান্ধীয়ে কয়, "উত্তৰ প্ৰদেশৰ সম্ভলত হঠাতে হোৱা বিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী অতি দুৰ্ভাগ্যজনক । প্ৰশাসনে যিদৰে দুয়োপক্ষক বিশ্বাসত নলোৱাকৈ আনটো পক্ষৰ কথা নুশুনি এনে এক সংবেদনশীল বিষয়ত খৰখেদাকৈ কাম কৰিছিল, ই দেখুৱায় যে চৰকাৰে নিজেই তাত পৰিৱেশ নষ্ট কৰিছে ।"

কংগ্ৰেছ নেত্ৰীগৰাকীৰ মতে প্ৰশাসনে উপযুক্ত প্ৰক্ৰিয়া আৰু কৰ্তব্য পালন কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাই ।প্ৰিয়ংকা গান্ধীয়ে লগতে কয়, "ক্ষমতাত থাকি বৈষম্য, উৎপীড়ন আৰু বিভাজন বিয়পাবলৈ চেষ্টা কৰাটো জনসাধাৰণ বা দেশ বিৰোধী । সন্মানীয় উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত আৰু ন্যায় প্ৰদান কৰা উচিত ।"

তেওঁ কয়, "ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি মোৰ আহ্বান সকলো পৰিস্থিতিত শান্তি বজাই ৰাখক ।" কংগ্ৰেছে দেওবাৰে অভিযোগ কৰে যে নিৰীহ লোকক হত্যা কৰাৰ বাবে আদিত্যনাথ প্ৰশাসন স্পষ্টভাৱে দায়ী আৰু কেৱল বিজেপি-আৰ এছ এছহে সম্ভলত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে দোষী ।

বিৰোধী দলটোৱে লগতে কয় যে প্ৰতিবাদকাৰীসকলৰ ওপৰত পোনপটীয়া গুলীচালনাৰ ভিডিঅ'বোৰে আদিত্যনাথ আৰু বিজেপি-আৰ এছ এছৰ সুপৰিকল্পিত ষড়যন্ত্ৰৰ ভয়ংকৰ তথ্য উদঙাইছে ।

  • সম্ভল হিংসা

উল্লেখ্য যে সম্ভলৰ মোগল যুগৰ মছজিদৰ জৰীপৰ বাবে আদালতে নিৰ্দেশ দিয়াৰ পিছতে তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে । দেওবাৰে সম্ভলত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ইতিমধ্যে ৩ গৰাকী লোকৰ মৃত্যু হৈছে ।

ইয়াৰ পিছতে জিলা প্ৰশাসনে ৩০ নৱেম্বৰলৈকে সম্ভলত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে । সোমবাৰৰ দিনটোত বিদ্যালয়সমূহো বন্ধ ৰখা হৈছে ।

লগতে পঢ়ক :সম্ভল হিংসা : বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ, ইণ্টাৰনেট-বিদ্যালয় বন্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.