শীতকালৰ দিন যিমানেই চমু চাপিছে সিমানেই আমাৰ খাদ্য খোৱাৰ প্ৰতি ইচ্ছা বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ সেয়ে এই ঋতুত ওজনো অতি দ্ৰুতগতিত বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয় ৷ কাৰণ মেদবহুলতাই আমাৰ স্বাস্থ্যৰ বাবে কঢ়িয়াই আনে অনেক ৰোগ তথা স্বাস্থ্যজনিত সমস্যা ৷ সেয়ে সময়ত সুষম আহাৰ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই জৰুৰী ৷ বিশেষ বাঢ়ি অহা সৰু ল’ৰা ছোৱালীয়েও এই সময়ত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে ভাল ৷ এই সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাটো জৰুৰী কাৰণ এই সময়ছোৱাতে কাহ, চৰ্দি, জ্বৰ আদি ৰোগে আমাৰ শৰীৰত আক্ৰমণ কৰে বিশেষকৈ সৰু ল’ৰা ছোৱালী এইসমূহ ৰোগৰ অতি সোনকালে আক্ৰান্ত হয় ৷
সেয়ে এই সময়ছোৱাত তেওঁলোকৰ টিফিনত স্বাস্থ্যকৰ খাদ্য দিয়াটো খুবেই জৰুৰী ৷ যদি আপুনি এগৰাকী অভিভাৱক আৰু আপোনাৰ সন্তানক টিফিনত এই সময়ত কেনেধৰণৰ খাদ্য দিব যিয়ে তেওঁলোকৰ শৰীৰৰ বাবে লাভদায়ক তেন্তে পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন-
টিফিনত শিশুক কি খাবলৈ দিব ?
১) উত্তপম

উত্তপম চুজিৰ সহায়ত তৈয়াৰ কৰিব পৰা এবিধ অতি পুষ্টিকৰ খাদ্য, য’ত মেগনেছিয়াম, ফছফৰাছ আদিৰ উপৰিও প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰ’টিন আৰু এ, বি ১, বি ২, বি ৩, বি ৬, বি ৯, বি ১২ আৰু চি ভিটামিনেৰে সমৃদ্ধ ৷ এটা পাত্ৰত চুজি, কাটি লোৱা গাজৰ, পনিৰ, পিয়াঁজ আৰু কেপচিকাম আদি শাক-পাচলিৰে উত্তপমৰ বেটাৰ তৈয়াৰ কৰক আৰু সামান্য তেল বা ঘিউত পিঠাৰ দৰে ভাজি লওক আৰু অতি সহজে তৈয়াৰ হৈ যাব ৷
২) গাজৰৰ ফ্ৰাইড ৰাইচ আৰু তিয়ঁহ

গাজৰৰ ফ্ৰাইড ৰাইচ বনাবলৈ অতি কম তেল বা ঘিউ ব্যৱহাৰ কৰি যিমান পাৰি সিমান শাক-পাচলি দি তৈয়াৰ কৰক, বেলেগ পাচলি নাথাকিলে কেৱল গাজৰ সৰু সৰুকৈ সিজোৱা ভাতৰ সৈতে ভালদৰে ভাজি সৰু ল’ৰা-ছোৱালীক টিফিনত খাবলৈ দিব পাৰে ৷ ইয়াত থকা ভিটামিন চিয়ে শৰীৰত এন্টিব’ডি উৎপন্ন কৰাত সহায় কৰে ৷ ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু বতৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগৰ পৰাও ৰক্ষা পৰে ৷ ইয়াৰ লগত তিয়ঁহো দিব পাৰে, যিটো এন্টিঅক্সিডেন্টেৰে ভৰপূৰ আৰু ছালক সুস্থ কৰি ৰখাত সহায় কৰে ৷
৩) পোহা

চিৰাৰে তৈয়াৰ কৰিব পোহা এবিধ অতি পুষ্টিকৰ লঘু খাদ্য় ৷ এখন কেৰাহীত অকণমান তেল বা ঘিউ দি তাত বাদাম, নৰসিংহ পাত অলপ ক’লা সৰিয়হ পিয়াঁজ দি ভালদৰে ভাজি লওক এতিয়া ইয়াত পানীত ভালদৰে চিৰাখিনি ধুই তেলত দি দিয়ক অকণমান লৰাই সোৱাদ অনুসৰি নিমখ ইচ্ছা কৰিলে অকণমান চেনিও দিব পাৰে ৷ শেষত গেছ বন্ধ কৰি গোল নেমুৰ ৰস দি ইয়াক অতি সহজে তৈয়াৰ কৰিব পাৰে ৷ সৰু ল’ৰা-ছোৱালীক টিফিনত দিবৰ বাবে এয়া অতি পুষ্টিকৰ খাদ্য ৷
৪) পনিৰ ভূৰজী, জনি গুটি দিয়া পৰঠা আৰু চালাড

পনিৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে, যিয়ে হাড় মজবুত কৰাত সহায় কৰে ৷ পনিৰত ভৰপূৰ এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ইয়াত উচ্চমানৰ প্ৰ’টিন থাকে, যিয়ে ছাল আৰু চুলিক সুস্থ কৰি ৰাখে ৷ কম তেল বা ঘিউত ভজা জনি গুটি দিয়া পৰঠা আৰু চালাডৰ এই খাদ্য দুপৰীয়াৰ আহাৰত ল’ৰা-ছোৱালীক দিব পাৰে ৷
কেৱল এয়াই নহয় এইসমূহ খাদ্যৰ সৈতে আপোনাৰ সন্তানক বতৰৰ ফলো খুৱাবলৈ চেষ্টা কৰক যিয়ে তেওঁলোকৰ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰিব ৷ লগতে বতৰৰ ফলত ভিটামিনৰ লগতে বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যি সৰু ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক ৷