ETV Bharat / politics

বিফলতা অহা দিনৰ সফলতাৰ বুনিয়াদ : কি প্ৰসংগত ক'লে মুখ্যমন্ত্রীয়ে - BYE ELECTION 2024

উপ-নিৰ্বাচন প্ৰসংগত মুখ্যমন্ত্ৰী । নিশা সামাজিক মাধ্যমত লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ দিলে ভোটাৰ ৰাইজক ।

CM Himanta Biswa Sarma react on election result and other issues
উপ-নিৰ্বাচন প্ৰসংগত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 12:23 PM IST

গুৱাহাটী: "মহাৰাষ্ট্ৰত বিজেপি আৰু ইয়াৰ মিত্রজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । কিছুদিন পূৰ্বে হাৰিয়ানাৰ নিৰ্বাচনটো বিজেপিয়ে বিপুল বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ছত্তিশগড় আৰু আন বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনসমূহতো বিজেপিয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । অৱশ্যে এই আনন্দৰ খবৰৰ মাজতে ঝাৰখণ্ডত আমাৰ দলৰ পৰাজয়ে স্বাভাৱিকভাৱে আমাক সকলোকে ব্যথিত কৰিছে ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

শনিবাৰে নিশা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কেইবাটাও প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

  • উপ-নিৰ্বাচনৰ ফলাফল আৰু বিশেষকৈ চামগুৰিৰ জয় :

অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয়, "অসমৰ পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত আমাৰ দল, অগপ আৰু ইউ পি পি এলে পাঁচটা সমষ্টিতে জয়ী হ'বলৈ সক্ষম হ'ল । বিধানসভা নিৰ্বাচনলৈ এটা বছৰ থাকোতে ৰাইজে পৰিৱৰ্তন বিচাৰিলে শাসকীয় দলে উপ-নিৰ্বাচনত এশ শতাংশ আসনত বিজয়ী নহয় । চাৰিখন আমাৰ আছিল । চামগুৰি সমষ্টি আমি প্ৰিমিয়াম হিচাপে লাভ কৰিলো । চামগুৰি সমষ্টিৰ জনসংখ্যাৰ গাঁঠনিত ৬৫ শতাংশ সংখ্যালঘুৰ বসতি স্থাপন ।"

তেওঁ লগতে কয়, "কংগ্ৰেছ দলে ২৫ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আহিছে । আমাৰ বাবে চামগুৰি জিকা সহজ নাছিল । কংগ্ৰেছ দলৰ ৰাজনীতি আছিল কোনো এটা বিশেষ জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম । বিজেপিয়ে সকলোকে ন্যায় প্ৰদান কৰে । আমি কাকো ভোটবেংকৰ দৰে ব্যৱহাৰ নকৰো । সকলোৰে সৈতে সকলোৰে বিকাশ আমাৰ নীতি । আজি চামগুৰিৰ সংখ্যালঘু জনসাধাৰণেও আমাক অভূতপূৰ্বভাৱে ভোটদান কৰিলে ।"

বিহালীৰ প্ৰসংগত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিহালীৰ নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন আছিল । বিহালীত যোৰহাটৰ সাংসদজনে যেতিয়া দুটা মাহ একপ্ৰকাৰ শিবিৰ পাতি নিৰ্বাচনত জঁপিয়াই পৰিছিল তেতিয়া জনতাৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰিছিল । মই জনাত কংগ্ৰেছ দলে তেওঁক প্ৰথমতে চিদলী সমষ্টিৰ দায়িত্ব দিছিল । কিন্তু তেওঁ নিজে আবেদন কৰি বিহালীৰ দায়িত্ব লৈছিল । বিহালীত আমাৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল চাহ বাগিচাৰ এজন চকীদাৰৰ সন্তান । চাহ বাগিচাৰ এজন চকীদাৰৰ সন্তানক হৰুৱাবৰ বাবে যদি এজন ৰাজ সন্তানে দুই-তিনি মাহ শিবিৰ কৰিলে ক'ৰবাত নহয় ক'ৰবাত মই সামন্তবাদৰ গোন্ধ পাও । কংগ্ৰেছৰ দিনত চাহ বাগিচাৰ লোকসকলক বঞ্চিত কৰি ৰখা হৈছিল । মই বিহালীবাসী ধন্যবাদ জনাইছো ।"

  • চামগুৰিৰ ৰাইজে কৰিলে ন্যায় :

মুখ্যমন্ত্রীয়ে এটা ভিডিঅ' দেখুৱাই কয়, "এই ভিডিঅ'টো হ'ল ২০১৬ চনৰ ৪ এপ্ৰিলৰ দিনা চামগুৰিৰ মোৱামাৰি পঞ্চায়তত সংঘটিত হোৱা এটা ঘটনাৰ ভিডিঅ' । সিদিনা মই জিতু গোস্বামীৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ বাবে চামগুৰিত প্ৰৱেশ কৰিছিলো । মোৱামাৰি পঞ্চায়তত সিদিনা কংগ্ৰেছ দলৰ সদস্যসকলে মোৰ ওপৰত আক্ৰমণ চলাইছিল । ২০১৬ চনৰ পাছত মই কেতিয়াও ভবা নাছিলো যে চামগুৰিৰ ৰাইজে মোক ন্যায় প্ৰদান কৰিব । আজি চামগুৰিৰ ৰাইজে ন্যায় দিলে । ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন সেই সময়ত চামগুৰিৰ বিধায়ক আছিল । তেওঁৰ পৰা ঘটনাটোৰ বাবে এটা ফোন মই আশা কৰিছিলো । কিন্তু অৱশেষত চামগুৰিৰ ৰাইজে ন্যায় প্ৰদান কৰিলে ।"

  • ঝাৰখণ্ডত লক্ষ্যত উপনীত হ'ব নোৱাৰিলো :

ঝাৰখণ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "ঝাৰখণ্ডত যোৱা চাৰিটা মাহ নিৰ্বাচনৰ বাবে যথেষ্ট জড়িত হৈ আছিলো । বিজেপিৰ এজন কৰ্মকৰ্তা হিচাপে দলক সহযোগ কৰাৰ বাবে প্ৰয়াস কৰিছিলো । কিন্তু ঝাৰখণ্ডত আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলো । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আমাৰ প্ৰচেষ্টা এৰি দিব লাগে । বিফলতা অহা দিনৰ সফলতাৰ বুনিয়াদ হৈ পৰে । মই উপলব্ধি কৰো যে অনুপ্ৰৱেশৰ সমস্যাই আগন্তুক দিনত ঝাৰখণ্ডক বহুত বেছি ক্ষতি কৰিব । মই ঝাৰখণ্ডৰ চৰকাৰক আহ্বান জনাও যে অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা তথা চিনাক্ত কৰাটো সংবিধান প্ৰদত্ত দায়িত্ব ।

তেওঁ লগতে কয়, "মোৰ বিশ্বাস যে ঝাৰখণ্ডৰ চৰকাৰে এই দায়িত্ব পালন কৰিব । বিজেপিয়ে বিৰোধীৰ ভূমিকা পালন কৰি এই বিষয়টো বিধানসভাত উত্থাপন কৰাৰ বাবে বিজেপিৰ বিধায়কৰ প্ৰতি মই আহ্বান জনাইছোঁ । ঝাৰখণ্ডত বহুত সময় অতিবাহিত কৰিলো । এটা মিছনত গৈছিলো যদিও সফল নহ'ল ।"

  • লাচিত দিৱস :

মুখ্যমন্ত্রীয়ে কয়, "দেওবাৰে লাচিত বৰফুকনৰ ২০২ তম জন্ম দিৱস । আমি পুনৰ মনত পেলাম যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম দিৱস কিদৰে অতি সুন্দৰভাৱে দিল্লীত পালন কৰিছিলোঁ । লাচিত বৰফুকন আমাৰ সাহস, আমাৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক ।"

  • ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত আছে কেইবাটাও কাৰ্যসূচী :

তেওঁৰ আগন্তুক কাৰ্যসূচী সন্দৰ্ভত কয়, "অহা কেইটা দিনত আমি কেইবাটাও নতুন কাৰ্যসূচী আৰম্ভ কৰিম । ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত আমি পাঁচটা কাৰ্যসূচী ৰূপায়ণ কৰিম । প্ৰথমে বিগত বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য বিতৰণ কৰিম । তাৰ পিছত মাইক্ৰফাইনেন্স লোন ৱেভাৰৰ আমাৰ আঁচনিখনৰ অধীনত ৫০ হাজাৰ টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি এন অ' চি বিতৰণ কৰিম । এই সময়চোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সৈতে পাছ কৰা শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বটা আমি প্ৰদান কৰিম ।"

মুখ্যমন্ত্ৰী শৰ্মাই কয়, "১০ৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰতে আমি নৱম মান শ্ৰেণীৰ ছাত্র-ছাত্রীসকলক চাইকেল বিতৰণ কৰিম । সেইদৰে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীক স্কুটী বিতৰণ কৰা হ'ব । আনহাতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সকলৰ পাৰস্পৰিক বুজাবুজিৰ বদলিৰ প'ৰ্টেলটো মুকলি কৰা হ'ব । এতিয়া কামৰ সময় । ২০২৫ চনটোত কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব । পঞ্চায়তৰ পাছত বি টি আৰৰ নিৰ্বাচন হ'ব । ২০২৬ৰ নিৰ্বাচনৰ আগত কেইবাটাও নিৰ্বাচন পাতিব লাগিব । ৰাভা হাচঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে ।"

লগতে পঢ়ক: ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলে দুখ দিছে ড৹ শৰ্মাক

উপ-নিৰ্বাচনৰ ফলাফল: অসমবাসীক প্ৰণাম মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.