গোলাঘাট, 23 জানুৱাৰী:অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত বে-আইনীভাবে অসম আৰক্ষীয়ে কৃষক নেতা বিদ্যুৎ শইকীয়াক আটক কৰাৰ অভিযোগ উঠিছিল ৷ ইয়াৰ পিচতে ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপন হৈছিল গোলাঘাট আৰক্ষী তথা জিলা দণ্ডাধীশৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত কা’ ৰ বিৰোধিতা, অসমীয়া যুৱকসকলক এনকাউণ্টাৰ কৰা বন্ধ কৰা, শিলসাঁকোৰ উচ্ছেদিত লোকসকলক বলিৰ পঠা সজোৱাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিয়েই আশংকা প্ৰকাশ কৰি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক কৰা বুলি অভিযোগ তুলিছিল সংগঠনটোৱে ৷
শনিবাৰৰ পুৱাই নিজ বাসগৃহৰ পৰাই নেতাগৰাকীক গোলাঘাট আৰক্ষীয়ে আটক কৰি নিশা মুকলি কৰাৰ সময়ত ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ আৰক্ষীয়ে হেঁচা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কৃষক নেতাগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয়, "কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কণ্ঠ ৰোধ কৰিবলৈ ৰজাঘৰে যিমানেই যত্ন নকৰক কিয় কৃষক মুক্তিৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে ৷"