অসম

assam

অশোক শৰ্মাই বিজেপি ত্যাগ নকৰে বুলি দৃঢ় বিশ্বাস জয়ন্ত মল্লবৰুৱাৰ - BJP INTERNAL CLASH

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:02 PM IST

Assam Politics : প্ৰসংগঃ অশোক শৰ্মাৰ দলত্যাগ । বহু কেইটা অভিযোগ উত্থাপন কৰি শনিবাৰে দলত্যাগৰ কথা উল্লেখ কৰে জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই । তেওঁৰ এই অভিযোগৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

Jayanta Mallabaruah react over Ashok Sarma Controversy in Nalbari
জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নলবাৰী,২১ জুলাই :সমুখত উপ-নিৰ্বাচন । উপ-নিৰ্বাচনৰ পূৰ্বে পুনৰ সক্ৰিয় হৈ উঠিছে বিজেপিৰ অন্তঃকন্দল । বিজেপিৰ ভিতৰচ’ৰাত চলি থকা সংঘাতৰ কথা পুনৰ প্ৰমাণ কৰিলে শনিবাৰে পুৰণি বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ দলত্যাগৰ প্ৰসংগই । শনিবাৰে বিয়লি জ্যেষ্ঠ বিজেপি নেতা শৰ্মাই সংবাদমেলযোগে বহু কথা ৰাজহুৱা কৰি বিজেপি দল ত্যাগ কৰাৰ কথা উল্লেখ কৰিছিল ।

জয়ন্ত মল্লবৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তাৰ পিছতে বিজেপিৰ ভিতৰ মহলত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । শনিবাৰে নিশা নলবাৰীত উপস্থিত হয় নলবাৰীৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । নলবাৰীত উপস্থিত হৈ অশোক শৰ্মাই দল ত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "অশোক দা বিজেপি দলৰ পৰা নাযায় ।" আনহাতে অশোক শৰ্মাই সংবাদমেলত কৰা কেতবোৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় ‘‘মোৰ সম্পূৰ্ণ বিশ্বাস আছে অশোক দা বিজেপিৰ পৰা কেতিয়াও নাযায় ।’’

ইফালে অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত কিবা শত্ৰুতা আছে নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰুৱাই কয়, "মোৰ আৰু অশোক দাৰ মাজত খুব ভাল সম্পৰ্ক । অশোক শৰ্মাই কি কৈছে মই শুনাও নাই চোৱাও নাই । অশোক শৰ্মা নিশ্চয়কৈ বিজেপি দলৰ পৰা নায়ায় মোৰ এটা বিশ্বাস আছে ।" লগতে অশোক শৰ্মাৰ চৰ্তসমূহ সন্দৰ্ভত পৰৱৰ্তী সময়ত জয়ন্ত মল্লবৰুৱাই চাই ল'ব বুলি উল্লেখ কৰে । অৱশ্যে অশোক শৰ্মাৰ চৰ্চিত বিষয়টোৰ পৰিসমাপ্তি কি হয়, সেয়া সময়ে ক’ব ৷

লগতে পঢ়ক :বিজেপিত এতিয়া তোষামোদকাৰীৰ ৰাজত্ব : দলত্যাগৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰি ক’লে অশোক শৰ্মাই - Ashok Sarma Controversy

উপ-নিৰ্বাচনত বিজেপিয়ে কিমানখন আসনত জয়ী হোৱাৰ দাবী কৰিলে জয়ন্ত মল্লবৰুৱাই - Jayanta Mallabaruah

ABOUT THE AUTHOR

...view details