অসম

assam

ETV Bharat / politics

বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাই আৰু আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভোটদান - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

GUWAHATI LS CONSTITUENCY : মহানগৰী গুৱাহাটীৰ দুটা পৃথক পৃথক ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাই আৰু আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে ভোটদানৰ বাবে নৱপ্ৰজন্মক উৎসাহিত কৰা দেখা যায় ৷

GUWAHATI LS CONSTITUENCY
ভোটাধিকাৰ সাব্যস্ত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 7, 2024, 4:46 PM IST

ভোটাধিকাৰ সাব্যস্ত (ETV Bharat Assam)

গুৱাহাটী, ৭ মে’ : নৱপ্ৰজন্মক চিন্তা কৰি ভোট দিবলৈ আহ্বান বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ ৷ চানমাৰিৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰি ড৹ গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "আজিৰ দিনটোত জনসাধাৰণে অনুভৱ কৰে ৰাষ্ট্ৰখন তেওঁলোকৰ । সকলোৰে ইয়াত ৰাজনৈতিক অধিকাৰ আছে ৷ গণতন্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলো সমান ৷ কিন্তু যোৱা দুটা নিৰ্বাচনত ভোটদান কৰিবলৈ যিমান মানুহ অহা দেখিছিলো, এইবাৰ কিন্তু দেখা নাই ৷ এয়া দুঃচিন্তামূলক কথা" ৷

তেওঁ লগতে কয় যে, "এটা খুব ভাল লক্ষণ দেখিছো যে, যুৱ প্ৰজন্মই নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিছে ৷ নিজৰ অধিকাৰ সম্পৰ্কত কিছু পৰিমাণে সচেতন হৈছে ৷ নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰোতে সুস্থিৰভাৱে চিন্তা কৰিছে নে নাই, সেইটোহে ডাঙৰ কথা "৷ দলৰ সলনি প্ৰাৰ্থী নিৰ্বাচনতহে গুৰুত্ব দিবলৈ বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে নতুন ভোটাৰখিনিক আহ্বান জনায় ৷

ইফালে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ বাবে থাকক, এই আশা মনত পুহি ভোটাধিকাৰ সাব্যস্ত কৰিলে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰি ড৹ ভট্টাচাৰ্যই কয় যে, "আজি গণতন্ত্ৰৰ উৎসৱ ৷ গণতন্ত্ৰত ৰাইজে ৰজা ৷ কিনকিনিয়া বৰষুণতো ৰাইজ ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে, এয়া ইতিবাচক কথা ৷ এইখন আমাৰ অসম হৈ থাকক ৷ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ বাবে থাকক' ৷

উল্লেখ্য যে, মঙলবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চাৰিটাকৈ সমষ্টিত অনুষ্ঠিত হৈছে ৷ এইবাৰৰ নিৰ্বাচনত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ১০,৫৫,৬৮৪ গৰাকী ৷ ইয়াৰ ভিতৰত ৫,১৫,০৫২ গৰাকী পুৰুষ আৰু ৫,৪০,৫৯৬ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে, জিলাখনত এইবাৰ ৩৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ৷ কামৰূপ মহানগৰ নিৰ্বাচনী জিলা কাৰ্যালয়ে সদৰি কৰা তথ্য অনুসৰি, উক্ত ভোটাৰসকলৰ ভিতৰত ১৫,৯৬০ গৰাকী ১৮-১৯ বছৰ বয়সৰ নতুন ভোটদাতা, ৮,২১২ গৰাকী ৮৫ ৰ ঊৰ্ধৰ ভোটদাতা আৰু ৯১২ গৰাকী চাৰ্ভিছ ভোটাৰ আছে ৷

ইপিনে জিলাখনত এইবাৰ ১,০২৬ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ সূচাৰুৰূপে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰাৰ বাবে ১,২৮৩ গৰাকী প্ৰিজাইডিং বিষয়া, ৪,৬২০ গৰাকী প’লিং বিষয়াৰ লগতে নিয়োগ কৰা হৈছে প্ৰয়োজনীয় সুৰক্ষা কৰ্মী ৷ তদুপৰি জিলাখনত ৫৬৪ টা ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে ৷

একেদৰে কামৰূপ মহানগৰ জিলাত ২৬ টা আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা ১০০ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালিত হ'ব ৷ নিৰ্বাচন আয়োগে ৭৯ টা ভোটগ্ৰহণ কেন্দ্ৰক সংকটপূৰ্ণ, ৮৭ টাক অসুৰক্ষিত আৰু ৫ টা ভোটগ্ৰহণ কেন্দ্ৰক দুৰ্গম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে চিহ্নিত কৰিছে ৷ উক্ত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভোটদান প্ৰক্ৰিয়া সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

লগতে পঢ়ক:ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

ভোটযুদ্ধ LIVE : শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান, 3 বজালৈ ভোটদানৰ সামগ্ৰিক হাৰ 63.08 % - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details