গুৱাহাটী, ৭ মাৰ্চ :বিপৰ্যয়ে এৰা দিয়া নাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চক ৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চত প্ৰাপ্য সন্মান নোপোৱাৰ বাবে এইবাৰ কংগ্ৰেছৰ সংগ এৰিব বিৰোধী ঐক্যমঞ্চৰ সহযোগী দল চিপিআই (CPI)য়ে ৷ ৰাজ্যিক চিপিআই নেতৃত্বৰ সৈতে শুকুৰবাৰে বৈঠকত বহিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ নগাঁৱত গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে যোৰহাটত প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত চিপিআইৰ ৷
নিজাকৈ যোৰহাটৰ লগতে আন দুটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব 'ইণ্ডিয়া’ৰ অন্যতম সহযোগী চিপিআইয়ে । চিপিআইৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই প্ৰসংগত সিদ্ধান্ত লোৱা বুলি অৱগত কৰিছে চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা দলটোৰ ৰাজ্যিক সহকাৰী সম্পাদকৰ দায়িত্বত থকা কণক গগৈয়ে ৷
অসমৰ বিৰোধী ঐক্যৰ পৰিস্থিতি এতিয়া সুচল হৈ থকা নাই । বিৰোধী ঐক্যত এটাৰ পিচত আন এটা মোক্ষম আঘাত ৷ প্ৰথমে আপে তিনিখন, তৃণমূল কংগ্ৰছে ৪ খন আসনত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰিছিল ৷ কিন্তু পাচত ৰাজ্যৰ তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা চিপিআইৰ ৷ যোৰহাট, কাজিৰঙা, লখিমপুৰত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত চিপিআইৰ ।
চিপিআইৰ দলীয় সূত্ৰ অনুসৰি যোৰহাট লোকসভা সমষ্টিত কণক গগৈ, লখিমপুৰত ধীৰেন কছাৰীক আৰু কাজিৰঙাত পৰমানন্দ দাসক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে বাওঁপন্থী দলটোৱে ৷ যোৰহাট আৰু মণিপুৰৰ এটা লোকসভা সমষ্টিত নিজা প্ৰাৰ্থিত্ব দিয়াৰ বাবে ইতিমধ্যে চিপিআইৰ ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত লোৱা বুলি ই-টিভি ভাৰতক জনাইছে দলটোৰ এগৰাকী ৰাজ্যিক নেতা কণক গগৈয়ে ।