অসম

assam

ETV Bharat / politics

বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ চমন: হাফিজ ৰছিদ চৌধুৰীৰ অভিযোগ - Gauhati High Court - GAUHATI HIGH COURT

MP Kripanath Mallah : নিৰ্বাচনী গোচৰ সম্পৰ্কীয় আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি চমন জাৰি কৰিছে কৃপানাথ মাল্লাৰ বিৰুদ্ধে ৷ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হোৱা কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীয়ে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিৰুদ্ধে নিৰ্বাচনী নিয়ম ভংগ কৰাৰ কেতবোৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল ৷

BJP MP KRIPANATH MALLAH
কৃপানাথ মাল্লাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ চমন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 8:48 PM IST

গুৱাহাটী, 22 জুলাই : লোকসভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চমন জাৰি ৷ নিৰ্বাচনী গোচৰ সম্পৰ্কীয় আৱেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি চমন জাৰি কৰিছে সাংদগৰাকীলৈ ৷

উল্লেখ্য যে কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হোৱা কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ চৌধুৰীয়ে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিৰুদ্ধে নিৰ্বাচনী নিয়ম ভংগ কৰাৰ কেতবোৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধীৰ বিচাৰপীঠে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰে ৷

শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে লোকসভা নিৰ্বাচনত কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা বিজেপি প্ৰাৰ্থী তথা সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে নিৰ্বাচনী গোচৰ সম্পৰ্কীয় আৱেদনৰ ভিত্তিত চমন জাৰি কৰে ৷ আগন্তুক 19 আগষ্টৰ পূৰ্বে চমনৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে আদালতে ৷ লগতে 19 আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে ৷

হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিনৰে পৰা বিশেষকৈ নিৰ্বাচনকালীন অৱস্থাত কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত দলবদ্ধ ৰিগিং হোৱাৰ অভিযোগ দাখিল কৰি নিৰ্বাচন আয়োগৰ হস্তক্ষেপ দাবী কৰিছিল ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোট গণনা সম্পৰ্কত খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছিল সমষ্টিটোৰ পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে ৷ তেওঁ অভিযোগ কৰা অনুসৰি, কৰিমগঞ্জ লোকসভা সমষ্টিত ই ভি এমত ১১,৩৬,৫৩৮টা ভোট প্ৰদান কৰা হৈছিল । কিন্তু ই ভি এমত সৰ্বমুঠ ভোট ১১,৪০,৩৪৯ টা ভোট গণনা কৰা হৈছে । কিন্তু ই ভি এমত প্ৰদান নোহোৱাকৈ অতিৰিক্তভাৱে ৩,৮১১ টা ভোট ক'ৰপৰা আহিল বুলি প্ৰশ্ন উত্থাপন কৰিছিল তেওঁ ৷

লগতে পঢ়ক :কৰিমগঞ্জত ভোটৰ সংখ্য়াক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ; পুনৰ নিৰ্বাচনৰ দাবী কংগ্ৰেছৰ - LS Polls 2024 results

ABOUT THE AUTHOR

...view details