অসম

assam

ETV Bharat / politics

‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে? - Lok Sabha Election 2024

Lok Sabha Election 2024: ডিব্ৰুগড় নে লখিমপুৰ কোনটো লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ বিশাল শোভাযাত্ৰাৰ বাবে সাজু হৈছে অজাপ দল ৷

From which Lok Sabha constituency will Lurinjyoti Gogoi contest,announcement is expected today
‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 11:08 AM IST

‘অসমবাসীয়ে বিচৰা ধৰণে হ’ব সকলো খবৰ’ বুলি বৃহস্পতিবাৰৰ নিশা কিয় ক’লে লুৰীণে?

মৰাণ, 15 মাৰ্চ:অতি সোনকালে অসমৰ ৰাইজে ভাল খবৰ পাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ লক্ষণীয় বিষয় যে, লোকসভা নিৰ্বাচনৰ বাবে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়ে । অৱশ্যে এতিয়াও সম্পূৰ্ণ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই কংগ্ৰেছকে ধৰি অন্য দলবোৰে ।

ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড় লোকসভা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিছে । এই সমষ্টিটোৰ বাবে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম চৰ্চাত আছে যদিও আনুষ্ঠানিক ঘোষণা কৰা নাই দলটোৱে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলৰ ৰণ কৌশল প্ৰস্তুতিক লৈ চহৰখনৰ আমোলাপট্টিত থকা হোটেল ট্ৰি ফাৰ্ণত অনুষ্ঠিত হয় দলটোৰ অন্তিমখন বৈঠক । উক্ত সভাতেই লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ৰ পৰা নে লখিমপুৰ লোকসভাৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব চূড়ান্ত কৰা হয় বুলি জানিব পৰা গৈছে ।

সংবাদ মাধ্যমৰ আগত সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "অতি সোনকালেই অসমৰ ৰাইজে সকলো খবৰ পাব । আপোনালোকে অলপ অপেক্ষা কৰক ৷ আপোনালোকে বিচৰা ধৰণে পাব সকলো খবৰ ৷" উল্লেখযোগ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে অসম জাতীয় পৰিষদে প্ৰাৰ্থী ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিছে । প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতেই দলটোৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড়ত বিশাল শোভাযাত্ৰা কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

সভাত অজাপৰ কেন্দ্রীয় সমিতিৰ চিত্তৰঞ্জন বসুমতাৰী, অনুপ ফুকন, বীৰেন বৰুৱা, মাণিক ফুকনৰ লগতে জিলা পৰ্যায়ৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বেই ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰথম পৰাজয়: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details