অসম

assam

আক্ৰাছুৰ প্ৰাক্তন সভাপতি অৰুণ ৰায়সহ ৩২ সদস্য়ৰ ইউপিপিএলত যোগদান - UPPL Joining Meeting

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 9:37 PM IST

কোকৰাঝাৰত ইউপিপিএলৰ যোগদান সভা । এই সভাত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে কয় যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন, মাটি-বাৰীৰ সমস্যা সমাধানত এখোজ আগবাঢ়িল ।

UPPL Joining Meeting in Kokrajhar
ইউপিপিএলত যোগদান

ইউপিপিএলত যোগদান

কোকৰাঝাৰ, ১২ এপ্ৰিল : আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি অৰুণ ৰায়সহ ৩২গৰাকী সদস্য়ই শুকুৰবাৰে আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে । কোকৰাঝাৰস্থিত ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি তথা বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ উপস্থিতিত তেওঁ আনুষ্ঠানিকভাৱে যোগদান কৰে । ইপিনে, ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পিচতেই আক্ৰাছুৰ প্ৰাক্তন সভাপতি অৰুণ ৰায়ে কয় যে কোচ-ৰাজবংশী জনগোষ্ঠী অৰ্থনৈতিক,সামাজিক আৰু ৰাজনৈতিক সমস্যাৰে জৰ্জৰিত । সমস্যাসমুহ সমাধানৰ বাবে ৰাজনীতিৰ প্ৰয়োজন আছে । সেয়েহে আঞ্চলিকতাবাদৰ ওপৰত আস্থা ৰাখি তেওঁ আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰা বুলি মন্তব্য় কৰে ।

তেওঁ কোচ-ৰাজবংশীৰ সমস্যা সমাধানৰ বাবে ফলপ্ৰসু আলোচনা অনুষ্ঠিত হ'ব বুলিও আশা ব্যাক্ত কৰে । শান্তি, ভাতৃত্ববোধ আৰু সমন্বয়েৰে সুস্থ সমাজ গঠনত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰি অৰুণ ৰায়ে বড়ো-অবড়োৰ ভুল বুজাবুজিৰো ইমানতে অন্ত পৰিব বুলি আশা প্ৰকাশ কৰে । তদুপৰি ৰাজবংশী ভাষাক প্ৰাথমিক পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰমোদ বড়োৰ সহায়-সহযোগিতা কামনা কৰে অৰুণ ৰায়ে ।

আক্ৰাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি অৰুণ ৰায়ক ইউপিপিএল দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাই দলটোৰ সভাপতি প্ৰমোদ বড়োৱে কয় যে অৰুণ ৰায় এজন শক্তিশালী নেতা আৰু তেওঁৰ যোগদানে ইউপিপিএলক শক্তিশালী কৰি তুলিব । কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন, মাটি-বাৰীৰ সমস্যা সমাধানত এখোজ আগবাঢ়িল বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । সকলো জাতি-জনগোষ্ঠীক লৈ ইউপিপিএল দল আগবাঢ়ি যাব বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিআৰ শান্তি চুক্তি হোৱাৰ পিচত সকলোৱে উদাৰ মন লৈ ওলাই আহিছে । এক সুন্দৰ বিটিআৰ গঢ়াৰ অঙ্গীকাৰ কৰি প্ৰমোদ বড়োৱে চাৰিটা দশকৰ পিচত ঘূৰি অহা শান্তিৰ বাতাবৰণ, সুস্থিৰ সমাজ ধৰি ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ইপিনে, সাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু কমতাপুৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সাংবিধানিক বিষয় বুলি মন্তব্য কৰে । তদুপৰি অহা ১৬ নাইবা ১৮ এপ্ৰিলত ইউপিপিএল দলে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি তেওঁ কয় । প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএললৈ দললৈ অহাটো সুখবৰ আৰু তেওঁৰ ৰাজনৈতিক অভিজ্ঞতাই আমাক সহায় কৰিব বুলি মন্তব্য কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্বাচন খেলিব পাৰিব নে নাই সেয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । উল্লেখ্য যে আজি যোগদান সভাত বিধায়ক লৰেঞ্চ ইছলাৰী, ইউপিপিএলৰ দলৰ সাধাৰণ সম্পাদক তথা বিটিচিৰ মনোনীত সদস্য মাধৱ ছেত্ৰী , প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী উপস্থিত থাকে ।

৩২গৰাকী সমৰ্থকক লৈ সমদল কৰি অৰুণ ৰায় ইউপিপিএল দলৰ কাৰ্যালয়ত উপস্থিত হৈ দলটোত যোগদান কৰে ৷ ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আৰনাই , দলীয় প্ৰতীক চিহ্নৰে আদৰণি জনায়। তেওঁৰ লগতে যোগদান কৰা আন ৩২গৰাকী সদস্যকো আদৰণি জনোৱা হয় ।

লগতে পঢ়ক:ডিমা হাছাও জিলাত শতাধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details